Job : চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ ? ৯০০ খালি পদত নিযুক্তিৰ সুযোগ ষ্টেট বেংকত

WhatsApp Image 2023 03 22 at 18.34.49

Job :

ষ্টেট বেংক অব ইণ্ডিয়াই বিজনেছ কৰেছপণ্ডেণ্ট ফেচিলিটেটৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ
কৰিছে। ষ্টেট বেংকে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ৮৬৮ টা খালী পদত অৰ্হতাধাৰী প্ৰাৰ্থীক নিযুক্তি দিব।

প্ৰাৰ্থীয়ে ষ্টেট বেংকৰ ৱেবছাইট https://www.sbi.co.in ভিজিট কৰি অনলাইনযোগে আবেদন কৰিব লাগিব। অহা ৩১ মাৰ্চৰ ভিতৰত প্ৰাৰ্থীয়ে অনলাইনত আবেদনপত্র জমা দিব লাগিব।

প্রয়োজনীয় অর্হতা : এই পদৰ বাবে ষ্টেট বেংকৰ পৰা অৱসৰ গ্ৰহণ কৰা বিষয়াইহে আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ অৰ্হতাৰ সন্দৰ্ভত সবিশেষ তথ্য আহৰণৰ বাবে ষ্টেট বেংকৰ ৱেবছাইট ভিজিট কৰক । প্ৰাৰ্থীৰ বয়স : বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি আবেদনকাৰীৰ বয়স ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব।

নিযুক্তি প্রক্রিয়া : এই পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ কোনো লিখিত পৰীক্ষা লোৱা নহ’ব। সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্রার্থীক নির্বাচন কৰা হ’ব।

কেনেকৈ আবেদন কৰিব : প্রথমে নিজৰ নাম পঞ্জীয়নৰ বাবে ষ্টেট বেংকৰ ৱেবছাইট https://www.sbi.co.in ভিজিট কৰিব লাগিব। ইয়াৰ পাছত ৱেবছাইটৰ হোমপেজত নিজৰ নাম পঞ্জীয়ন কৰক।

পঞ্জীয়নৰ পাছত নিৰ্দিষ্ট পদৰ বাবে ৱেবছাইটত উপলব্ধ আবেদনপত্র পূৰ্ণ কৰক আৰু ইয়াৰ পাছত অনলাইনত আবেদনপত্র জমা দিয়ক । প্রার্থীয়ে আবেদনপত্ৰৰ এটা কপি প্ৰিণ্ট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখক।

Exit mobile version