Indian Journalist Union President Visit Manipur :ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সহ ইণ্ডো-বাংলা জাৰ্ণেলিষ্ট ফ’ৰামৰ যুটীয়া সচিবৰ মণিপুৰ ভ্ৰমণ

WhatsApp Image 2023 03 23 at 20.02.40

Indian Journalist Union President Visit Manipur :

মনিপুৰ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক বালা কৃষ্ণৰ আমন্ত্ৰণত আজি সন্ধিয়া মনিপুৰৰ ইম্ফলত থকা জনসংযোগ বিভাগৰ কাৰ্যালয়ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

উক্ত সভাত মনিপুৰ ৰাজ্য চৰকাৰৰ হৈ ৰাজ্যিক সঞ্চালকে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি, বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠক, জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সদস্য সাংবাদিক শ্বহিদুল ইছলাম আৰু ইণ্ডো-বাংলা জাৰ্নেলিষ্ট ফৰামৰ যুটীয়া সম্পাদক তথা বাংলাদেশৰ মুক্ত সাংবাদিক আব্দুল হাদিক মনিপুৰী পৰম্পৰাগত গামোচাৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত নিজৰ ভাষণত সঞ্চালক বালা কৃষ্ণই মনিপুৰ চৰকাৰে সাংবাদিক সকলৰ কল্যানাৰ্থে লোৱা চৰকাৰী আঁচনিৰ কথা উল্লেখ কৰে। দেশে-বিদেশত ভ্ৰমণৰ বাবে মনিপুৰৰ চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিক সকলক পঠোৱাৰ ব্যৱস্থা কৰিছে।

উক্ত অনুষ্ঠানত ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠকে তেখেতৰ নিজৰ ভাষণত ডিজিটেল মিডিয়াৰ ধামখুমীয়াত এফালে যেনেদৰে তথ্য জনাৰ সুযোগ আৰু পৰিসৰ বৃদ্ধি পাইছে, তেনেদৰে বিভ্ৰান্তিকৰ তথ্য তথা বাতৰিও এক নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত চৰকাৰে ডিজিটেল মিডিয়া নিয়ন্ত্ৰণৰ নামত মুক্ত সাংবাদিকতাত নিয়ন্ত্ৰণৰ অধীনলৈ অনাৰ আশংকাও দেখা গৈছে। গতিকে এই পৰিস্থিতিত সাংবাদিকৰ স্বাধীনতা ৰক্ষাৰ বাবে আৰু সত্য নিৰুপিত বাতৰি বা তথ্য জনাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে সকলো আগবাঢ়ি আহিব লাগে।

অনুষ্ঠানত অল মনিপুৰ ৱাৰ্কিং জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি তথা মনিপুৰ প্ৰেছ ক্লাবৰ সভাপতি Wamkhamcha Samjai, সাধাৰণ সম্পাদক Kh.Naoba, সাংবাদিক অসীম ভক্তা সিঙৰ লগতে অৰ্ধশতাধিক মনিপুৰী সাংবাদিক উক্ত সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে।

Exit mobile version