Rahul Gandhi Disqualified As Loksabha:সাংসদ পদ খাৰিজ ৰাহুল গান্ধীৰ

লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা গৰাকীৰ সাংসদ পদ খাৰিজ কৰে

WhatsApp Image 2023 03 24 at 15.49.27

Rahul Gandhi Disqualified As Loksabha :

সাংসদ পদ খাৰিজ ৰাহুল গান্ধীৰ ৷ চুৰাটৰ এখন আদালতে ২৩ মাৰ্চত কংগ্ৰেছৰ শীৰ্ষ নেতা গৰাকীক দুবছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদানৰ পাছতে লোকসভা সচিবালয়ে আজি জাৰি কৰা এক জাননীৰ জৰিয়তে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে ৷

কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিৰ সাংসদ আছিল ৰাহুল গান্ধী। আনহাতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতে গৰজি উঠিছে কংগ্ৰেছ দল ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে এক বিবৃতিত কয় যে, লোকসভা সচিবালয়ে লোৱা সিদ্ধান্ত অগণতান্ত্ৰিক ৷

লোকসভা সচিবালয়ে ততাতৈয়াকৈ এই সিদ্ধান্ত ল’ব নোৱাৰে৷দেশৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ স’তে আলোচনা কৰাৰ অন্তত এনে সিদ্ধান্ত ল’ব পাৰে ৷

উল্লেখ্য যে,সাংসদ পদ খাৰিজ হ’লেও নিজৰ সদস্যপদ ৰক্ষা কৰিবলৈ সকলো পথ বন্ধ হৈ যোৱা নাই ৰাহুল গান্ধীৰ। নিজক ৰক্ষা কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব গান্ধীয়ে।

আনহাতে উচ্চ ন্যায়ালয়ে চুৰাট ছেছন আদালতৰ ৰায়দান স্থগিতাদেশ জাৰি কৰা হয়, তেতিয়া তেওঁৰ সদস্যপদ থাকিব পাৰে।

উচ্চ ন্যায়ালয়ে যদি স্থগিতাদেশ জাৰি নকৰে তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব। যদি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে তেতিয়াও তেওঁৰ সদস্যপদ ৰক্ষা হ’ব পাৰে।

মনকৰিবলগীয়া যে,কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিৰ সাংসদ গান্ধীয়ে ২০১৯ কৰ্ণাটকত সাধাৰণ নিৰ্বাচনৰ বাবে কোলাৰত আয়োজিত দলীয় এখন ৰাজহুৱা সভাত মোডী উপাধি” সম্পৰ্কত তেওঁ কৈছিল, “সকলো চোৰৰ একে উপাধি মোডী কিয় বুলি কৈ আন কেতবোৰ তিৰ্যক মন্তব্য কৰিছিল ৷

পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ উল্লিখিত মন্তব্যৰ বিৰুদ্ধে গুজৰাটৰ প্ৰাক্তন মন্ত্রী তথা বিজেপি বিধায়ক পূর্ণেশ মোডীয়ে চুৰাটৰ এখন আদালতত অপৰাধমূলক মানহানি গোচৰ তৰিছিল ৷ সেই গোচৰৰ বাবেই দোষী সাৱ্যস্ত হৈছিল ৰাহুল গান্ধী ।

Exit mobile version