O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

WhatsApp Image 2023 03 25 at 12.37.17

O Mor Apunar Desh :

১১৩ বছৰীয়া ইতিহাসে গৰকা অসম চৰকাৰৰ অনুমোদিত ৰাজ্যখনৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ‘ গীতটিক আগন্তুক ৰঙালী বিহুত বিহুৱা ৰাইজৰ সমৱেশেৰে ব’হাগৰ দোমাহীত পৰিৱেশনৰ ব্যৱস্থা গ্ৰহণ কৰি গীনিজ বুকত নতুন অভিলেখ এটি গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে অসমৰ জাতীয় সংগীত ইতিহাসৰ তথ্যানুসন্ধানকাৰী গৱেষক ৰাজীৱ হৰি কৌশিকে।

এই সম্পৰ্কত ১০ মাৰ্চত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াক জনতা ভৱনত সাক্ষাৎ কৰি গৱেষক কৌশিকে অনুৰোধ জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো বিশেষ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ত আবেদন জনাইছে।

লগতে গৱেষক ৰাজীৱ হৰি কৌশিকে প্ৰেছ বিজ্ঞপ্তি খনত উল্লেখ কৰিছে যে, অহা ১৪ এপ্ৰিল তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ উপস্থিতিত অসম চৰকাৰৰ বৃহৎ প্ৰস্তুতিৰে অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ বিহুনাচক গীনিজ বুকত এক নতুন অভিলেখ গঢ়াৰ উদ্দেশ্যেৰে অতি তৎপৰতাৰে বিশেষ প্ৰস্তুতিৰ ব্যৱস্থা ইতিমধ্যে চৰকাৰে অৱগত কৰিছে।

উক্ত দিনা সৰুসজাই ষ্টেডিয়ামত এঘাৰ হাজাৰ ঢুলীয়া-নাচনীয়ে বিহুনাচ প্ৰদৰ্শন কৰিবলগীয়া অনুষ্ঠানত প্ৰায় ৩৫ হাজাৰ দৰ্শকে অনুষ্ঠানটি উপভোগ কৰিব।

গৱেষক ৰাজীৱ হৰি কৌশিক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গঠন কৰা জাতীয় সংগীত সুৰ নিৰ্ধাৰণ সমিতিৰ এগৰাকী গৱেষক সদস্য হোৱা হেতুকে অসম চৰকাৰে ৰাজ্যৰ জাতীয় সংগীত ৰূপে অনুমোদন জনোৱা ব্যৱস্থাক ২০১৪-১৫ বৰ্ষত তেওঁ সমিতিৰ সদস্য ৰূপে সহযোগ কৰিছিল।

ইতিমধ্যে তেওঁৰ সুদীৰ্ঘ ২২ বছৰ কাল সাধনাৰে অসমৰ জাতীয় সংগীত ইতিহাসৰ ৯০০ পৃষ্ঠাৰ কলেৱৰৰ “অসমৰ জাতীয় সংগীত আৰু শতবৰ্ষীয় নৃ-তাত্ত্বিক গৱেষণা” শীৰ্ষক গ্ৰন্থখনিৰো প্ৰকাশৰ দিহা কৰিছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াক গৱেষক কৌশিকে জনতা ভৱনত সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীক অৱগত কৰে যে, যিহেতুকে ১৪ এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৪৫ হাজাৰ নাচনী-ঢুলীয়াৰ লগতে দৰ্শকৰ উপস্থিতিত ব’হাগৰ দোমাহীত সমূহীয়া এঘাৰ হাজাৰ বিহুৱা শিল্পীৰ বিহু নাচ প্ৰদৰ্শনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, তেনে স্থানতে একেটা চৰকাৰী খৰচতে অসমৰ জাতীয় সংগীতটি সমৱেত কন্ঠত পৰিৱেশন কৰি আন এটি বিশ্ব অভিলেখ গঢ়ি তোলাৰো সোণালী সুযোগ অসম চৰকাৰে গ্ৰহণ কৰিব পাৰে।

অসমৰ চৰকাৰে ইতিমধ্যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষত অসমৰ জাতীয় সংগীতক দহোটা সংকল্পৰ মাজত এটি সংকল্প ৰূপে চৰকাৰী কাৰ্যসূচীত জাতীয় সংগীত পৰিৱেশনৰো নিদেৰ্শনা জাৰি কৰিছিল।

২০১৪ চনত অসম চৰকাৰৰ পৰামৰ্শ অনুসাৰে অসম সাহিত্য সভা আৰু গৱেষক ৰাজীৱ হৰি কৌশিকে সংগীত বিশেষজ্ঞ মণ্ডলীৰ সহযোগত জাতীয় সংগীতৰ স্বৰলিপিখন সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিছিল।

লগতে গুৱাহাটীৰ অসমৰ জাতীয় সংগীত প্ৰসাৰ আৰু প্ৰচাৰ সেৱা দলৰ সহযোগত শাস্ত্ৰীয় সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ পৰিচালনাত সমৱেত কণ্ঠত জাতীয় সংগীতটি বাণীবদ্ধ কৰি উন্মোচন কৰাৰ লগতে জাতীয় সংগীতৰ স্বৰগম আৰু মিউজিক ট্ৰেকো উপলব্ধ বুলি গৱেষক গৰাকীয়ে জানিব দিছে।

ৰাজীৱ হৰি কৌশিকৰ নিৰলস ২২ বছৰীয়া কঠোৰ অধ্যয়ন-গৱেষণা কালত নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰস্তুত কৰা বৃহৎ কলেৱৰ গৱেষণামূলক গ্ৰন্থ “অসমৰ জাতীয় সংগীত আৰু শতবৰ্ষীয় নৃ-তাত্ত্বিক গৱেষণা” খন ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ হাতেৰে উন্মোচন কৰাই দিবলৈ ২০২২ চনৰ ১৯ মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ত অনুৰোধ জনাইছিল।

উক্ত গ্ৰন্থখনি চৰকাৰৰ পৃষ্ঠপোষকতাতে প্ৰকাশ কৰাব বুলি গৱেষক গৰাকীগৰাকীক মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশ্বাস দিছে।

অসমৰ তিনি কোটি ত্ৰিশ লাখ জন গণৰ হিয়াৰ আমঠু অসমৰ জাতীয় সংগীতৰ ইতিহাস বিষয়ক গ্ৰন্থখনি সৰুসজাই ষ্টেডিয়ামত উন্মোচন কৰাই দিবলৈ আৰু বিশাল ব্যৱস্থাৰে সমৱেত কণ্ঠত অসমৰ জাতীয় সংগীতটি পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়াব বাবেও মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।

ইতিমধ্যে গৱেষণামূলক গ্ৰন্থখনি প্ৰকাশনৰ ক্ষেত্ৰত বিশেষ ভাৱে সহযোগিতা কৰিবলৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীয়ে তেওঁক পৰামৰ্শ আগবঢ়াইছে।

Exit mobile version