Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

WhatsApp Image 2023 03 25 at 18.16.07

Truist Visit Usa :

আমেৰিকাত চাকৰি হেৰুৱাই বিপাকত পৰিছে দেশখনত কৰ্মৰত বিদেশী নাগৰিকসকলে। এইসকল প্রবাসী লোকক সকাহ দিবলৈ নতুন ঘোষণা কৰিলে আমেৰিকাই।

দেশখনৰ প্ৰব্ৰজন বিভাগে জনোৱা অনুসৰি, পৰ্যটকৰ ভিছাৰে আমেৰিকালৈ অহা লোকসকলেও নতুনকৈ চাকৰিৰ সন্ধান কৰিব পাৰিব।

তদুপৰি চাকৰি হেৰুওৱাৰ পাছত বিদেশীৰ আমেৰিকাত বসবাসৰ সময়সীমা বৃদ্ধি কৰাৰো সিদ্ধান্ত ল’লে জ’ বাইডেন প্রশাসনে।

মার্কিন চিটিজেনশ্বিপ এণ্ড ইমিগ্ৰেচন ছাৰ্ভিচেছৰ ফালৰ পৰা টুইট কৰি ভিছা সংক্রান্ত নানা প্রশ্নৰ উত্তৰ দিয়া হয়।

এনে প্ৰশ্নৰ সন্দৰ্ভত বিভাগটোৱে টুইটত এইদৰে লিখিলে, ‘অনেকে প্রশ্ন কৰিছে যে বি১ বা বি২ ভিছা থাকিলে নতুন কামৰ সন্ধান কৰিব পাৰিব নে?

আমি জনাব বিচাৰো যে এই ভিছা থাকিলে অৱশ্যেই নতুনকৈ চাকৰিৰ সন্ধান কৰিব পাৰিব।’ প্ৰসংগত উল্লেখ্য যে কেৱল চাকৰিৰ বাবেহে বি১ বা বিছৰ দৰে ৱৰ্ক ভিছা আমেৰিকাত প্ৰদান কৰা হয়।

চাকৰিৰ পৰা চাটাই হ’লে কিছুদিনৰ ভিতৰতে এনে ভিছাৰ বৈধতাও সমাপ্ত হয়। বর্তমানলৈকে নিয়ম অনুসৰি চাটাই হোৱাৰ ৬০ দিনৰ ভিতৰতে তেনে ব্যক্তিয়ে আমেৰিকা ত্যাগ কৰিব লাগে।

কিন্তু বৰ্তমানৰ পৰিস্থিতিত এই সময়সীমা বৃদ্ধিৰ কথা চিন্তা কৰিছে বাইডেন প্রশাসনে। বিশেষ আবেদন কৰিলেই যাতে আমেৰিকাত থাকি নতুন চাকৰিৰ সন্ধান বিদেশী নাগৰিকে কৰিব পাৰে, তাক প্রশাসনে নিশ্চিত কৰিব বিচাৰিছে।

প্ৰসংগত উল্লেখ্য যে আমেৰিকাত কৰ্মৰত ভাৰতীয়সকলৰ অধিকাংশই হৈছে এইচ১বি আৰু এল১ ভিছাধাৰী।

Exit mobile version