Covid 19 India : দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ

1661967897 corona

Covid 19 India :

সমগ্ৰ দেশতে দিনক দিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ । নতুনকৈ প্ৰায় প্ৰতিদিনে শ শ লোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছে।

ভাইৰাছৰ ফলত মৃত্যু মুখতো পৰিছে বহু লোক ।এনে পৰিস্থিতিত চিকিৎসালয়সমূহত মহামাৰীৰ স’তে যুঁজিবলৈ অনুশীলন আয়োজন কৰা হৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ আৰু ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ সঞ্চালক ৰাজীৱ বেহালে যৌথ নিৰ্দেশনা জাৰি কৰি ৰাজ্যসমূহক ক’ভিডৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ কয়।

তাত চিকিৎসালয়সমূহত অনুশীলনৰ আয়োজন কৰাৰ বিষয়েও অৱগত কৰা হয়। কেৱল চৰকাৰী চিকিৎসালয়তে নহয়, ব্যক্তিগত চিকিৎসালয়তো ক’ভিড-১৯ অনুশীলন অনুষ্ঠিত হ’ব।

এপ্ৰিলৰ ১০ আৰু ১১ তাৰিখে ক’ভিডৰ বাহিৰেও শ্বাস-প্ৰশ্বাসজনিত অনান্য ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়সমূহ কিমান প্ৰস্তুত সেয়াও পৰীক্ষা কৰা হ’ব।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰয়োজনীয় ঔষধ, চিকিৎসালয়ৰ বিচনা, আইচিইউ, অক্সিজেন সেৱাৰ বাবে প্ৰস্তুত থাকিব।

ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা, দেশখনত নতুন কৰ’না সংক্ৰমণ পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ৮৩২ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

বৰ্তমান, কৰ’না ৰোগীৰ সংখ্যা হৈছে ন হেজাৰ ৪৩৩ জন। অৱশ্যে, সংক্ৰমণৰ সংখ্যা শনিবাৰৰ তুলনাত সামান্য কম। শনিবাৰে, আক্ৰান্তৰ সংখ্যা এটা ১,৫০০ অতিক্ৰম কৰিছে । এদিনত সংক্ৰমিত হৈছিল এহেজাৰ ৫৯০ জন ।

Exit mobile version