Akhil Gogoi meets Election Commission :বৰ্তমান প্ৰেক্ষাপটত সমষ্টি পুনৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰো: অখিল গগৈ

WhatsApp Image 2023 03 27 at 18.55.46

Akhil Gogoi meets Election Commission :

দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰক আজি মহানগৰীৰ ৰেডিচন ব্লু’ড সাক্ষাৎ কৰে বিভিন্ন ৰাজনৈতিক দলে ৷

নিৰ্বাচনী আয়োগৰ সন্মুখত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি আজি প্ৰায় আধা ঘণ্টা বক্তব্য ৰাখে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে

আনহাতে গগৈৰ স’তে উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা তথা ৰাজ্যৰ প্ৰাক্তন এচ ডি জি পি দিলীপ বৰাই ৷ ৰাইজৰ দলৰ পৰা আয়োগক দাখিল কৰে এখন স্মাৰক পত্ৰ ৷

দলটোত থকা আন সকল কৰ্মকৰ্তা হ’ল দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদকদ্বয় ৰাছেল হুছেইন, অলক নাথ আৰু আজিজুৰ ৰহমান,সাংগঠনিক সম্পাদক অম্লান জ্যোতি গগৈ।

নিৰ্বাচন আয়োগক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপ অখিল গগৈয়ে কয়, ২০০৮ চনত যি যি কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত স্থগিত ৰাখিছিল ৷ সেই সন্দৰ্ভত প্ৰকাশিত নটিফিকেচনৰ কোনো পৰিস্থিতিয়ে সালসলনি হোৱা নাই ৷

এটা এটাকৈ তথ্য-প্ৰমাণ দাঙি ধৰা হয় বুলি কোৱাৰ লগতে এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা পৰ্যন্ত এখন আসোঁৱাহপূৰ্ণ লোক পিয়লৰ তালিকাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ জাতীয় জীৱনৰ বাবে ক্ষতিকৰ বুলি তথ্য-প্ৰমাণ দাখিল কৰা বুলি উল্লেখ কৰে শিৱসাগৰৰ বিধায়কজনে ।

তেওঁ আৰু কয় যে,এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণত যিহেতু সমষ্টিৰ সংখ্যা বৃদ্ধি নহয়৷গতিকে ইয়াৰ পৰা অসমে পাবলগীয়া একো নাই। কিন্তু এই প্ৰক্ৰিয়াই অসমৰ থলুৱা অনেক জনগোষ্ঠীক অসন্তুষ্ট কৰি যাব।

সাম্প্ৰদায়িক আৰু বৰ্ণবাদী বিজেপিৰ শাসন কালত এনে পৰিৱৰ্তনে থলুৱা জনগোষ্ঠীৰ পৰিৱৰ্তে যে বিজেপিৰ পৰম্পৰাগত ভোটাৰ সুৰক্ষিত কৰা সমষ্টিহে তৈয়াৰ হ’ব সেয়া খাটাং। সেই শংকা ব্যক্ত কৰি চৰকাৰী পক্ষৰ তৎপৰতাৰ বিষয়েও অৱগত কৰা বুলিও প্ৰকাশ কৰে ৷

কেনেকৈ চৰকাৰে জিলা বিলুপ্তকৰণ কৰিলে আৰু পুৰণি প্ৰশাসনিক সীমা বদলালে সেই সমূহ বিষয় উপস্থাপনৰ উপৰিও উজনি অসমৰ সমষ্টি হ্ৰাস কৰাৰ বাবে চৰকাৰী পক্ষই যিবোৰ ষড়যন্ত্ৰ কৰিছে তাকো উল্লেখ কৰে ৷

আনহাতে শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা ৰংপুৰ পঞ্চায়ত আঁতৰ কৰি ৰংঘৰ আৰু তলাতল ঘৰ শিৱসাগৰ সমষ্টিৰ সীমাৰ বাহিৰ কৰি আহোমসকলৰ পুৰণি ৰাজধানীত তেওঁলোকক অস্তিত্বহীন কৰিবলৈ চৰকাৰী পক্ষই কৰি থকা বুলিও আয়োগক অৱগত কৰে বিধায়ক গৰাকীয়ে ৷

আয়োগক আমাৰ কথাখিনি ক’লো। সিদ্ধান্ত নিৰ্বাচন আয়োগৰ হাতত বন্দী বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

Exit mobile version