Nalbari Dangerous Accident : নলবাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা

গৃহাভিমুখী হোৱাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী

9708676d 09a9 4073 aa0d 60997959273b

Nalbari Dangerous Accident :

কৰুণ, মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা ৷নিমিষতে হেৰাই গ’ল এটা পৰিয়াল ৷নলবাৰীৰ মুগকুছিত মাজনিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাৰ। নলবাৰী চহৰৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী ৷গুৰুত্বৰভাৱে আহত কণমানি ৷

প্ৰাপ্ত খবৰ অনুসৰি বগলচৰোড নিবাসী সঞ্জয় শৰ্মাই তেওঁৰ পত্নী আৰু শিশু পুত্ৰক লগত লৈ নিজৰ চাৰিচকীয়া এএছ০১- ৪০৫৫ নম্বৰৰ বাহন খনৰে নলবাৰীৰ পৰা বগলচৰোডস্থ নিজ বাসগৃহলৈ গৈ থকা পথত মুগকুছিত এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে ৷ফলত ঘটনাস্থলীতে নিহত হয় দুই স্বামী- স্ত্ৰী৷আৰু গুৰুত্বৰভাৱে আহত হয় দম্পতীহালৰ কণমানি পুত্ৰ ৷দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে বিধস্ত হয় ৷

মাজনিশা সংঘটিত শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে সেই স্থানত উপস্থিত হোৱা এছ ডি আৰ এফৰ জোৱানে গাড়ী খনৰ ভিতৰৰ পৰা বহু চেষ্টাৰ অন্তত দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত পোৱা তেওঁলোকৰ শিশুপুত্ৰক উদ্ধাৰ কৰি নলবাৰী চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে। প্ৰাপ্ত খবৰ মতে শিশুটি এখন ভৰি অকামিলা হৈ পৰিছে ৷

সজ্ঞাহীন হৈ আছে কণমানিটো ৷ তথ্য অনুসৰি শিশুটি বৰ্তমান সংকটমুক্ত ৷ আনহাতে নিহত সঞ্জয় শৰ্মাৰ পত্নীৰ নাম মানসী শৰ্মা ৷ শিশুটোৰ পৰিচয় লাভ কৰিব পৰা নাই ।

উল্লেখ্য যে, নিজ পুত্ৰ- বোৱাৰীক হেৰুৱাই নিথৰুৱা হৈ পৰিছে ৮০বছৰীয়া বৃদ্ধা ৷ এফালে পুত্ৰ-বোৱাৰীক হেৰুৱাৰ বেদনা, আনফালে ভৰিখন হেৰুৱাই চিকিৎসালয়ত পৰি থকা নাতিৰ প্ৰতি মৰম। এই শোকাৱহ কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে বগলচৰোড অঞ্চলত ৷শোকাভিভূত হৈ পৰিছে সমগ্ৰ গাঁওবাসী ৷

Exit mobile version