Lovlina Borgohain : ৰাজ্যসভাত গুঞ্জৰিত হ’ল লাভলীনা সহ চাৰি বক্সাৰৰ কৃতিত্বৰ কথা !

41ec76ac fd87 4573 a724 3b506e9395a8

Lovlina Borgohain :

আজি ৰাজ্যসভাত গুঞ্জৰিত হ’ল লাভলীনা সহ চাৰি বক্সাৰৰ কৃতিত্বৰ কথা ৷ নতুন দিল্লীত অনুষ্ঠিত হোৱা আইবা মহিলা বিশ্ব বক্সিং ছেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বিক হৰুৱাই স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল লাভলীনা।

একেদৰে ভাৰতৰ পৰা চাৰিগৰাকীকৈ বক্সাৰে কেবাটাও শাখাত পদক লাভ কৰি দেশৰ বাবে সুনাম কঢ়িয়াই আনে।

অসমৰ লাভলীনা সহ চাৰি বক্সাৰৰ স্বৰ্ণ জয়ৰে বিশ্ব খিতাপ অৰ্জন কৰাৰ সন্দৰ্ভত আজি গুঞ্জৰিত হ’ল ৰাজ্যসভা ৷

ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে লাভলীনা সহ চাৰি মহিলা বক্সাৰক প্ৰশংসাই উপচাই পেলাই সদনত। তেওঁ কয় যে,” এয়া আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। আমাৰ মহিলা বক্সাৰ সকলে বিশ্ব মহিলা বক্সিং ছেম্পিয়নশ্বিপত ৪ টাকৈ স্বৰ্ণ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনে। নিখট জাৰিন, লাভলীনা বৰগোহাঁই, নিতু গনঘচ আৰু চুইটা বৰালৈ আমাৰ শুভকামনা থাকিল ।

তেওঁলোকৰ এই সাফল্যই ভাৰতৰ পুনৰ উচ্চ শিখৰলৈ লৈ গৈছে ৷তেওঁলোকৰ এই কৃতিত্বই ভৱিষ্যতক উচ্চতালৈ লৈ যাব, যুৱ উচ্চাকাংক্ষী খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাব” । তেওঁলোকক লৈ আমি গৌৰৱান্বিত ৷

ৰাজ্যসভাত অধ্যক্ষৰ এই প্ৰশংসাসূচক ভাষণৰ লগে লগে সদনত উপস্থিত সাংসদ সকলে হাত চাপৰি বজাই আনন্দ প্ৰকাশ কৰাৰ লগতে চাৰি বক্সাৰলৈ অভিনন্দন জনায় ৷ সাংসদ সকলে ‘নাৰী শক্তি জিন্দাবাদ’ ধ্বনিৰে মুখৰিত কৰি তোলে সদন।

Exit mobile version