Nf Railway Gm:উত্তৰ-পূৱ সীমান্ত ৰে’লৰ মহাপ্ৰৱন্ধকক এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ বিদায় সম্বৰ্ধনা সভা

WhatsApp Image 2023 03 28 at 17.49.01

Nf Railway Gm:

উত্তৰ-পূৱ সীমান্ত ৰে’লৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাই অহা ৩১ মাৰ্চত ৰে’লৰ পৰা অৱসৰ গ্ৰহণ কৰিব । এই উপলক্ষে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে মহাপ্ৰৱন্ধক গৰাকীক সমৰ্ধনা জনোৱাৰ উদ্যেশ্যে আজি উত্তৰ-পূৱ সীমান্ত ৰে’লৰ মুখ্য কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰে ।

ইউনিয়নৰ উপ -সভাপতি নেকিবুৰ জামানে আঁত ধৰা বিদায় সভা খনত ইউনিয়নৰ মালিগাওঁ মহিলা শাখাৰ মৌচুমী ভড়ালীয়ে মহাপ্ৰৱন্ধক গৰাকীৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে কৰা কামৰ খতিয়ান দাঙি ধৰি মহাপ্ৰৱন্ধক গৰাকীৰ ভূয়সী প্ৰশংসা কৰে ।

ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসে মহাপ্ৰৱন্ধক গৰাকীৰ কাৰ্যকালৰ প্ৰশংসা কৰি কয় যে এই গৰাকী মহাপ্ৰৱন্ধকৰ কাৰ্যকালত উদ্যোগিক সম্পৰ্ক যথেষ্ট উন্নত হৈছে । সভাত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক সমীৰ চক্ৰৱৰ্তী, অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ (এ আই আৰ এফ) উত্তৰ-পূৱৰ সম্পাদক পীযুষ চক্ৰৱৰ্তী, উত্তৰ-পূৱ সীমান্ত ৰে’লৰ প্ৰিঞ্চিপাল চীফ পাৰ্চনেল অফিচাৰ চন্দ্ৰজিত শইকীয়াইও মহাপ্ৰৱন্ধক গৰাকীক ভূয়সী প্ৰশংসা কৰি কয় যে অংশুল গুপ্তাই সদায়ে শ্ৰমিক আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ হকে কৰি এগৰাকী সফল প্ৰশাসক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

তেওঁ এই অঞ্চলত সাংস্কৃতিক দিশত উন্নয়নৰ বাবেও কাম কৰিছিল । ইয়াৰ পাছতেই ইউনিয়নৰ তৰফৰ পৰা মহাপ্ৰৱন্ধক গৰাকী আৰু তেওঁৰ পত্নীক উস্ম সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি মহাপ্ৰৱন্ধক অংশুল গুপ্তাই উত্তৰ-পূৰ্বাঞ্চলবাসীৰ মৰম-চেনেহ কেতিয়াও পাহৰিব নোৱাৰিব বুলি কয় । এন এফ ৰে’লৱেৰ বিভিন্ন স্থানলৈ ৰে’ল সম্প্ৰসাৰণৰ কামত ৰে’ল কৰ্মী সকলৰ সহযোগিতাৰ শলাগ লয় । সভাৰ অন্তত সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ বৰা উপস্থিত আটাইলৈ ধন্যবাদ জনায় ।

Exit mobile version