Udan Scheme In Ner : উত্তৰ- পূবত ‘উড়ান’ আঁচনিৰ অধীনত সক্ৰিয় ১৬ টা বিমানকোঠ

২০২২ত উত্তৰ-পূব ভ্ৰমণ কৰিলে ১১৮.৪৫ লাখ দেশীয় পৰ্যটকে

Capture 35 750x375 1

Udan Scheme In Ner :

২০২২ত অসমকে ধৰি উত্তৰ- ৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিবলৈ ১১৮.৪৫ লাখ ঘৰুৱা আৰু ১.০৪ লাখ বিদেশী পর্যটক আহিছিল। লোকসভাৰ মজিয়াত আজি এই তথ্য সদৰী কৰিছে উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে।

এক লিখিত প্রশ্নৰ উত্তৰত মন্ত্রীজনে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে ২০১৬ৰ ২১ অক্টোবৰত দেশত আঞ্চলিক বিমান সংযোগ বৃদ্ধি কৰিবলৈ আৰু জনতাৰ বাবে বিমান সেৱা সুলভ কৰাৰ লক্ষ্যৰে আঞ্চলিক সংযোগ আঁচনি ‘উড়ান’ (উড়ে দেশ কা আম নাগৰিক আৰম্ভ কৰা হৈছিল।

উত্তৰ- পূৰ্বাঞ্চলৰ ৰূপশ্রী, তেজু, তেজপুৰ, পাছিঘাট, যোৰহাট, লীলাবাৰী, শ্বিলং, পাকিয়ং, ইটানগৰ আৰু ডিমাপুৰৰ বিমানবন্দৰকেইটাৰ সেৱা উড়ান আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত ১৬টা সক্রিয় বিমানবন্দৰ আছে। ইয়াৰ উপৰি জিৰ ‘এডভান্সড লেন্ডিং গ্রাউণ্ড ‘তো সেৱা আৰম্ভ কৰা হৈছে।

সমান্তৰালভাৱে ৰে’ল মন্ত্রণালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০২১-২২ত উত্তৰ-পূব ৰেল অণ্ডৰ অধীনত মুঠ ১,১৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ টা নতুন ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা, অনুমোদন আৰু কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩৬১ কিলোমিটাৰ ি প্রথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৭২৮ কিলোমিটাৰ দৈৰ্ঘৰ পাঁচটা ‘পথ-দ্বৈতকৰণপ্রকল্প’ৰ পৰিকল্পনা, অনুমোদন আৰু কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৪৮ কিলোমিটাৰত ইতিমধ্যে সেৱা আৰম্ভ কৰা হৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে উত্তৰ-পূবত ৫,১৩৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ কাম হাতত লৈছে আৰু অনুমোদন জনাইছে। এই আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পসমূহে উত্তৰ-পূবত পৰ্যটনৰ বিকাশৰ বাবে এক বাধামুক্ত পৰিৱেশৰ বাবে অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ সংযোগ প্রদান কৰিছে বুলি মন্ত্ৰীজনে উল্লেখ কৰিছে ।

ইফালে, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত উত্তৰ-পূব উন্নয়ন মন্ত্রণালয়ে উত্তৰ-পূবৰ ৰাজ্যকেইখনত পৰ্যটন খণ্ড, পানী যোগান, বিদ্যুৎ সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনি নির্মাণ প্রকল্পসমূহক সহযোগিতা আগবঢ়াই আহিছে বুলি মন্ত্ৰীজনে উল্লেখ কৰি কয় যে উত্তৰ-পূব পৰিষদৰ জৰিয়তে ডিনাৰ মন্ত্রণালয়ে উত্তৰ-পূবত পৰ্যটনক উৎসাহিত কৰাৰ লগতে পর্যটন আন্তঃগাঁথনি উন্নয়ন প্রকল্পসমূহকো সহযোগিতা আগবঢ়াই আহিছ৷

উত্তৰ-পূব পর্যটন বিভাগ, নৰ্থ-ইষ্ট ট্যুৰ অপাৰেটৰ আদিৰ দৰে পৰ্যটনক্ষেত্ৰৰ অংশীদাৰৰ স’তে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰাকে ধৰি পৰ্যটনৰ বিকাশৰ বাবে এক বাধামুক্ত পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ-পূবৰ পৰ্যটন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান আঁতৰাই আগবাঢ়ি যোৱাৰ পথ মসৃণ কৰাৰ উদ্দেশ্যে ‘ভাৰতীয় প্ৰবন্ধন প্রতিষ্ঠান’ (আইআইএম) শ্বিলঙে এক ঘূৰণীয়ামেজমেল আয়োজিত কৰে।

ডনাৰ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগ (পিএম ডেভইন) আঁচনিও ৰূপায়ণ কৰি আছে। এই আঁচনিখনে ‘প্রধানমন্ত্রী গতিশক্তি’ৰ দৃষ্টিভংগী সাৰোগত কৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে একত্রিতভাৱে পুঁজি যোগান ধৰে, উত্তৰ-পূবৰ প্রয়োজনীয়তাৰ আধাৰত সামাজিক বিকাশ প্রকল্পবোৰলৈ সহযোগিতা আগবঢ়োৱাৰ লগতে যুৱপ্ৰজন্ম আৰু মহিলাসকলৰ বাবে জীৱিকাৰ সম্ভাৱনা সৃষ্টি কৰে। আঁচনিখনে পর্যটন খণ্ডকো সামৰি লৈছে বুলি তেওঁ মন্তব্য কৰি পুনৰ

উল্লেখ কৰিছে যে ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অন্যান্য ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত সংযোগ স্থাপন কৰা, নাগৰিকৰ মাজত সম্পর্ক শক্তিশালী কৰাৰ বাবে ‘যুৱ সংগম’ উদ্যোগ গ্রহণ কৰাৰ লগতে পাঁচটা বিস্তৃত ক্ষেত্র যেনে পর্যটন, পৰম্পৰা, প্রগতি, প্রযুক্তি আৰু পৰস্পৰ সম্পৰ্ক স্থাপনত গুৰুত্ব আৰোপ কৰিছে।

পর্যটন মন্ত্রণালয়ে তীৰ্থস্থান আৰু ঐতিহ্যৰ বিকাশৰ বাবে বিষয়বস্তু আধাৰিত পর্যটন বর্তনী আৰু তীর্থযাত্রা পুনৰুজ্জীৱিতকৰণ, আধ্যাত্মিকতাৰ সংহত বিকাশৰ বাবে ‘স্বদেশ দর্শন’ আঁচনিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। ইয়াৰ ‘পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায়’ আঁচনিৰ অধীনতো চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন প্ৰকল্পলৈ অনুমোদন জনাই আহিছে বুলি আজি এক লিখিত প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰেড্ডীয়ে মন্তব্য কৰে।

Exit mobile version