Foundation Day of Dispur Press Club:সগৌৰৱেৰে নটা বৰ্ষত এক খোজ দিলে দিছপুৰ প্ৰেছ ক্লাবে

“দৈনিক অগ্ৰদূত’ৰ জ্যেষ্ঠ সংবাদকর্মী মণিপ্রভা বৰাসহ ৪১ জনক সম্বৰ্ধনা

WhatsApp Image 2023 03 30 at 12.50.57 1

Foundation Day of Dispur Press Club:

গুৱাহাটীস্থ জ্যেষ্ঠ-কনিষ্ঠ সর্বস্তৰৰ সাংবাদিক- সংবাদকর্মীৰ উমৈহতীয়া অনুষ্ঠান দিছপুৰ প্ৰেছ ক্লাবে সগৌৰৱে নটা বৰ্ষত খোজ দিলে। বিভিন্ন ঘাত-প্রতিঘাত আৰু প্ৰত্যাহ্বান নেওচি নৱম বৰ্ষত ভৰি দিয়াৰ প্ৰাকক্ষণত আজি দিছপুৰ প্ৰেছ ক্লাবে ব্যতিক্রমী পদক্ষেপেৰে দিছপুৰস্থিত লোকনির্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্রবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্রবর্তীসহ বহু কেইজন জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত অষ্টম বার্ষিক প্রতিষ্ঠা দিৱস উদ্‌যাপন কৰে।

আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাবে ‘দৈনিক অগ্ৰদূত’ৰ জ্যেষ্ঠ সংবাদকর্মী মণিপ্রভা বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি আজিৰ অনুষ্ঠানত জ্যেষ্ঠ সংবাদকর্মী মনোজ মোহন দত্ত, কৃপা বর্মন, সাংবাদিক ক্ৰমে মৰিগাঁৱৰ অজিত শৰ্মা, ডিব্ৰুগড়ৰ সুৰজ দত্ত, গুৱাহাটীৰ বনজিৎ ঠাকুৰীয়া, লাহোৱালৰ কাঞ্চনজ্যোতি গোঁহাই, যোৰহাটৰ ঋতুৰাজ বৰা, গুৱাহাটীৰ ভিডিঅ’ সাংবাদিক জাকিৰ হুছেইন আখতাৰ, বিপুল মেধি, গৰিমা শৰ্মা, ধীৰেন শৰ্মা, সাংবাদিক কাকলি কলিতা, হিমাংশু অনুপম, লাহোৱালৰ প্ৰাঞ্জল গগৈ, ৰুৱা, ফটো সাংবাদিক ৰূপজ্যোতি শৰ্মা, পংকজ মেধি, ভিডিঅ’ চম্প কলিতা, মালতি বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে, অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাত দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে জন্মলগ্নৰে পৰা দিছপুৰ প্ৰেছ ক্লাবে ৰাইজৰ লগতে সাংবাদিকৰ হিতৰ স্বাৰ্থত কাম কৰি আহিছে বুলি উল্লেখ কৰি কয় যে ২০১৫ত গুৱাহাটী মহানগৰীত কৰ্মৰত একাংশ সাংবাদিক আৰু সংবাদকর্মীক লৈ দিছপুৰ প্ৰেছ ক্লাব গঠন কৰা হৈছিল।

জন্মলগ্নৰে পৰা দিছপুৰ প্ৰেছ ক্লাবে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংবাদিকতাকে ধৰি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা, সমাজৰ হিতৰ হৈ কাম কৰি অহা ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে।

আজিৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বিষয়া মঞ্জৰি বৰঠাকুৰ, অভিনেতা দিলীপ কুমাৰ বৰুৱা, যুৱ উদ্যোগী দীপক কোঠাৰী, অতিৰিক্ত কৰ আয়ুক্ত মিফটাউদ্দিন আহমেদ, সাহিত্যিক মঞ্জুলা গোস্বামী, যুৱ নেতা হৃষিকেশ শর্মা, পংকজ প্রতিম ডেকা, চেলিমূল ইছলাম, চিকিৎসক মাফুজুৰ ৰহমান, সমাজকর্মী নৱকান্ত কামান, খগেন দাস, চুবুৰ আলী, নেকিবুৰ ৰহমান, মীনপালক ৰন্টু শ‍ইকীয়া, সৌন্দৰ্য পৰিচালক ভাস্কৰ শ‍ইকীয়া, সমাজকৰ্মী সন্দীপ আগৰৱাল, বিক্ৰম সেন, গীতিকাৰ ত্রিনয়ণ হাজৰিকা, আৰক্ষী বিষয়া নবুল আহমেদ আৰু মীনপালক শিৱাজী ডেকাক সম্বর্ধনা জ্ঞাপন কৰে।

ইফালে, দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি গিৰিন্দ্ৰ কুমাৰ শ‍ইকীয়াই ভাষণত কাৰোবাৰ স’তে প্ৰতিদ্বন্দ্বিতা কৰি দিছপুৰ প্ৰেছ ক্লাব গঠন হোৱা নাছিল বুলি মন্তব্য কৰি কয় যে দিছপুৰ প্ৰেছ ক্লাব গঠনৰ আগতেও অসমত সক্ৰিয় অৱস্থাত বহু প্ৰেছ ক্লাব আছিল।

দিছপুৰৰ আশে-পাশে কৰ্মৰত সাংবাদিক তথা সংবাদকর্মীসকলৰ প্ৰয়োজনীয়তা পূৰণৰহে ই এটা অংশ আছিল। সভাত ভাষণ দি জ্যেষ্ঠ সাংবাদিক অচ্যুৎ পাটোৱাৰীয়ে গুৱাহাটী প্ৰেছ ক্লাব থাকোতে দিছপুৰ প্ৰেছ ক্লাবৰ প্রয়োজন কিয় এই সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ প্ৰসংগ টানি তেওঁ কয়, ‘আজি ইমান আনন্দ লাগিছে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো।

এইদৰে জ্যেষ্ঠ সংবাদিকসকলক ইয়াৰ আগতে এনেদৰে একেখন মঞ্চত দেখা নাছিলো। যুৱ সাংবাদিকসকলৰ আজি মনবিলাক উজ্জ্বল। তেওঁ জ্যেষ্ঠ-কনিষ্ঠ সকলো সাংবাদিক এক হৈ কাম কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে অনুপমা ডেকা, দর্শনা বৰুৱা আদি শিল্পীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট লেখক-সমালোচক শংকৰ দাস, ৰণেন কুমাৰ গোস্বামী, বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্তা, গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক সবিতা লহকৰ, ডিএ নিউজ প্লাছৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া আদিয়ে ৷

Exit mobile version