Electricity Charges Hiked In The State:পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ ৰাইজৰ ওপৰত মাধমাৰ !

প্ৰতিমাহে গ্ৰাহকে এতিয়াৰ পৰা ভৰিব লাগিব অতিৰিক্ত ১০ টকা

WhatsApp Image 2023 03 31 at 14.01.09

Electricity Charges Hiked In The State:

ইটোৰ পাছত সিটোকৈ দৈনিক ব্যৱহাৰ্য,ঔষধ,গৃহ নিৰ্মাণ সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ আকাশলংঘী মুল্য বৃদ্ধিৰ পাছত এইবাৰ ভূতৰ ওপৰত দানহ পৰাৰ দৰে এ পি ডি চি এলে পুনৰ বৃদ্ধি কৰিছে বিদ্যুত মাচুল

নতুন বৃদ্ধি কৰণৰ লগে লগে এতিয়াৰে পৰা ৰাজ্যৰ গ্ৰাহকে প্ৰতি মাহে প্ৰতি কিলোৱাট স্থিৰ চাৰ্জ হিচাপে অতিৰিক্ত ১০ টকাকৈ ভৰিব লাগিব।

গ্ৰাহকক মাধমাৰ সোধাই ৰাজহ বৃদ্ধিৰ বাবে এ পি ডি চি এলে আবেদনৰ প্ৰতি সহাৰী জনাই অসম বিদ্যুৎ নিয়ামক আয়োগে ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত ইতিমধ্যে জনাইছে অনুমোদন জনাইছে।

নিয়ামক আয়োগৰ পৰা যাৱতীয় অনুমোদন লাভ কৰাৰ পাছতে ৰাজ্যৰ তিনি বিদ্যুত কোম্পানীয়ে ততাতৈয়াকৈ এপিজিচিএল,এইজিচিএল আৰু এপিডিচিএলে বিদ্যুত মাচুল এক এপ্ৰিলা পৰা কাৰ্যকৰী হোৱাকৈ ব্যাপক সংশোধন কৰে ৷

উল্লেখ্য যে,এ পি ডি চি এলে বিদ্যুত নিয়ামক আয়োগৰ সন্মুখত ফিক্সড চাৰ্জ কেডব্লিউ আৰু কেভিত ১৫ৰ পৰা ৭৫ টকা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল ৷

আনকি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাবলৈ বিভিন্ন শ্ৰেণীৰ গ্ৰাহক সকলৰ বাবে প্ৰযোজ্য হৈ থকা এফ পি পি পি চাৰ্জকে ধৰি এনাৰ্জি চাৰ্জ প্ৰতি ইউনিট ১ টকাৰ পৰা ৩ টকা পৰ্যন্ত বঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

কিন্ত লক্ষণীয়ভাৱে এপি ডিচি এলৰ উল্লিখিত প্ৰস্তাৱ অগ্ৰাহ্য কৰি নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাৰহে অনুমোদন জনায় যদিও তিনি বিদ্যুত কোম্পানীৰ ৰাজহ বৃদ্ধিৰ স্বাৰ্থত সকলো শ্ৰেণীৰ গ্ৰাহকৰ পৰা ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাই।

ইতিমধ্যে এ পি ডি চি এলৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

Exit mobile version