Prateek Hajela To Assam Again:পুনৰ অসমলৈ প্ৰতীক হাজেলা !

আজি অন্ত পৰিল প্ৰতীক হাজেলাৰ তিনিবছৰীয়া ডেপুটেশ্বন

WhatsApp Image 2023 03 31 at 16.55.05

Prateek Hajela To Assam Again:

এন আৰ চিৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা অচিৰেই অসম চৰকাৰৰ কোনো এক বিভাগত যোগদান কৰিব ৷ অসমৰ পৰা গৈ গৃহ ৰাজ্য মধ্য প্ৰদেশত কৰ্মৰত হৈ থকাৰ পাছত আজি
অন্ত পৰিল ১৯৯৫ বেটছৰ অসম – মেঘালয় কেডাৰৰ আই এ এছ বিষয়া হাজেলাৰ তিনিবছৰীয়া ডেপুটেশ্বন ৷

প্ৰাপ্ত খবৰ অনুসৰি হাজেলাক মধ্যপ্ৰদেশৰ পৰা বদলিৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি আজি তৎকালীনভাৱে বলবৎ হোৱাক ৰিলিজৰ নিৰ্দেশনা জাৰি কৰে মধ্যপ্ৰদেশ চৰকাৰে

আনহাতে ৰাজ্য চৰকাৰ খনে হাজেলাৰ হাতত ন্যস্ত থকা বিভাগ সমূহ ইতিমধ্যে অন এজন বিষয়া হাতত ন্যস্ত কৰিছে ৷

উল্লেখ্য যে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছত জীৱন সম্পত্তিৰ ভয়ত অসম এৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ৷ অসম এৰি মধ্যপ্ৰদেশত ডেপুটেশ্বন গৈছিল আই এ এছ জ্যেষ্ঠ বিষয়া গৰাকী৷

এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিৰ সমন্বয়ক প্ৰতীক হাজেলাক ২০১৯ ত নিজ গৃহৰাজ্য মধ্য প্ৰদেশলৈ তিনিবছৰৰ বাবে বদলিৰ নিৰ্দেশ দিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

তিনি বছৰৰ অন্তত পুনৰ অসম আগমনক লৈ স্বাভাৱিকতে উঠিছে কেতবোৰ প্ৰশ্ন ৷ কিয়নো শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত এন আৰ চি ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাদিল হৈছে ৷

এন আৰ চিৰ দুৰ্নীতিক লৈ হাজেলাৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ তৰিছিল এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মা আৰু এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই

আনহাতে তিনিবছৰৰ অন্তত প্ৰতীক হাজেলাক মধ্য প্ৰদেশ চৰকাৰে সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

মনকৰিবলগীয়া যে,পুনৰ ডেপুটেশ্বন বৃদ্ধিৰ বাবে হাজেলাই কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰণালয়লৈ আবেদন জনাইছিল যদিও আবেদন নাকছ কৰে ৷ ইয়াৰ লগে লগে পুনৰ অসমলৈ অহাটো নিশ্চিত হৈ পৰে হাজেলাৰ ৷

Exit mobile version