Rahul Gandhi:
কর্ণাটকত অনুষ্ঠিত হ’ব লগা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰচাৰ কাৰ্যসূচী ৷ ক’লাৰৰ পৰা আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে। উল্লেখ্য যে ২০১৯ বৰ্ষত লোকসভাৰ নিৰ্বাচনত ক’লাৰত কংগ্ৰেছৰ প্ৰচাৰ চলাই ৰাহুলে মোদী উপাধিক লৈ কটাক্ষসূচক মন্তব্য কৰিছিল।
ADVERTISEMENT
এই আপত্তিজনক মন্তব্যৰ ফলতে অলপতে ছুৰাটৰ এখন আদালতে এক মানহানিৰ গোচৰত ৰাহুলক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিলে। আদালতৰ ৰায়ৰ পাছতে ৰাহুলৰ সাংসদপদ বাতিল হ’ল।
মে’ত অনুষ্ঠিত হ’ব লগা কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰো ৰাহুলে ক’লাৰৰ পৰাই আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা বুলি দলৰ এক সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।
এপ্ৰিলৰ প্ৰথম সপ্তাহতে ক’লাৰত ৰাহুলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।