France : সন্তানৰ ফটো সামাজিক মাধ্যমত দিলেই হ’ব শাস্তি

905606594.jpg

France :

নিজৰ সন্তানক লৈ প্ৰত্যেক পিতৃ-মাতৃয়েই সচেতন হয়। শিশু সন্তানে প্রত্যেক পিতৃ- মাতৃক দিয়ে অনাবিল আনন্দ। আজিৰ সামাজিক মাধ্যমৰ যুগত প্রায় সকলো লোকেই শিশু সন্তানৰ ফটো প’ষ্ট কৰিবলৈ ভাল পায়।

সন্তানৰ হাঁহি, থুনুক-থানাক খোজ, অস্ফুট উচ্চাৰণ, উৎপাত আদি সকলোবোৰ পিতৃ-মাতৃয়ে ম’বাইল ফোনত ফটো আৰু ভিডিঅ’ৰ ৰূপত বন্দী কৰি ৰাখে।

সেই মুহূৰ্তবোৰৰ ফটো বা ভিডিঅ’ বিভিন্ন সময়ত সামাজিক মাধ্যমত প’ষ্ট কৰে পিতৃ-মাতৃয়ে। সেইবোৰ দেখি পৰিচিত-অপৰিচিত সকলোৱেই তৃপ্তি পায়।

অৱশ্যে এখন দেশত এতিয়াৰ পৰা আৰু সেয়া কৰিব পৰা নাযাব। কাৰণ সেই দেশত শিশুৰ ফটো বা ভিডিঅ’ সামাজিক মাধ্যমত প’ষ্ট কৰাটো নিষিদ্ধ হৈ পৰিছে।

এই সন্দৰ্ভত দেশখনত আইনো প্রণয়ন কৰা হৈছে। আনকি আইন নামানিলে কঠোৰ শাস্তিৰো সন্মুখীন হ’ব লাগিব। সম্প্রতি ফ্রান্সত সেই আইন প্রণয়ন কৰা হৈছে। ফ্ৰান্সৰ আইন প্রণেতাসকলে জনাইছে যে শিশুসকলৰ গোপনীয়তা ৰক্ষা কৰিব লাগিব।

নতুন আইন গৃহীত কৰোৱা ফৰাচী সাংসদ ব্ৰ’নো ষ্টুডাৰে কয়, ‘অভিভাৱকসকলে ক’ব পাৰে তেওঁলোকৰ সন্তানৰ ফটো তেওঁলোকে সামাজিক মাধ্যমত প’ষ্ট কৰিছে। আপত্তি উঠিব কিয়?

অথচ মনত ৰাখিব লাগিব যে সন্তান জন্ম দিয়া মানেই পৃথিৱীলৈ অহা নতুন মানুহজনৰ মালিক হৈ পৰাটো নহয়।’ তেওঁ পুনৰ কয়, ‘সন্তানে কিন্তু জন্ম ল’বলৈ বিচৰা নাছিল। পিতৃ-মাতৃৰ ইচ্ছাতহে শিশুৰ জন্ম হৈছে।

গতিকে শিশুটিৰ সন্মতিও গুৰুত্বপূৰ্ণ।’ এই যুক্তিতেই নতুন আইনখন গৃহীত হৈছে। শীঘ্ৰেই এই আইন ফ্রান্সত প্রণয়ন হ’ব। ইয়াৰ পাছত অভিভাৱকসকলে আইন অমান্য কৰি সামাজিক মাধ্যমত নিজৰ শিশু সন্তানৰ ফটো প’ষ্ট কৰিলেই ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।

আনকি নতুন আইন অনুসৰি, একেটা ভুল বাৰম্বাৰ কৰিলে পিতৃ-মাতৃয়ে সন্তানৰ ফটো তোলাৰ অধিকাৰো হেৰুৱাব লাগিব। উল্লেখ্য যে ফ্ৰান্সৰ এই নতুন আইনৰ প্ৰশংসা কৰিছে শিশু মনোবিজ্ঞানীসকলেও।

তেওঁলোকৰ বক্তব্য হৈছে, ক্ৰমাৎ ‘ব্যক্তিগত’ আৰু ‘ৰাজহুৱা’ৰ সীমাৰেখা মছি গৈছে, যি কেতিয়াও কাম্য নহয়।

Exit mobile version