Manas National Park : মানাহৰ পৰ্যটনৰ ইতিহাসত অভিলেখ

দেশী-বিদেশী পৰ্যটকৰ পৰা এক কোটি পয়ত্ৰিশ লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ

c0bb8c55 6da1 411e b4e7 cdaeae850bf2

Manas National Park :

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ইতিহাসত পৰ্যটক আৰু ৰাজহ সংগ্ৰহৰ সংখ্যাই ৰচিলে অভিলেখ৷ ইতিমধ্যে ৰাজ্যখনৰ বিত্তীয় বৰ্ষটোৰ সামৰণি পৰাৰ পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটা পৰ্যটকৰ সংখ্যাৰ লগতে পৰ্যটন উদ্যোগটোৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনে অৰ্জন কৰা ৰাজহৰ বিষয়ে সদৰি কৰা হৈছে৷

মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড॰ বৈভৱ চি মাথুৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৩৪ খন বিদেশী ৰাষ্ট্ৰৰ পৰা মানাহলৈ আগমণ ঘটা ৭৯৯ গৰাকী পৰ্যটকৰ উপস্থিতিৰে ৰাষ্ট্ৰীয় উদ্যানখনে এইবেলি অভিলেখ সৃষ্টি কৰা বুলিও দাবী কৰিছে৷

বিশ্বৰ আগশাৰীৰ পাঁচখন ৰাষ্ট্ৰৰ পৰ্যটকৰ উপস্থিতিৰ ক্ষেত্ৰত সংখ্যাৰ ভিত্তিত ক্ৰমে ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, আয়াৰলেণ্ড আৰু ডেনমাৰ্কৰ নাম প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে৷ আনহাতে দেশীয় পৰ্যটকৰ ক্ষেত্ৰত মুঠ ৩৩ খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী পৰ্যটকে বিগত পৰ্যটন বৰ্ষত মানাহ ভ্ৰমণ কৰিছে বুলি জনোৱা হৈছে৷

দেশীয় পৰ্যটকৰ উপস্থিতিৰ ক্ষেত্ৰত অসম, পশ্চিমবঙ্গ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মেঘালয় আৰু গুজৰাটৰ নাম উল্লেখনীয় বুলি বিজ্ঞপ্তিটোত জনোৱা হৈছে৷ অৱশ্যে কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ দ্বীপ ৰাজ্যসমূহৰ পৰ্যটক এইবেলি মানাহলৈ অহা নাই বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে৷

তদুপৰি বিত্তীয় বৰ্ষ সমাপ্তিৰ অন্তিম দিনটোলৈকে অৰ্থাৎ ৩১ মাৰ্চলৈকে বিগত সাতটা বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনে ১,৩৫,৮৪,৪৫০ (এক কোটি পয়ত্ৰিশ লাখ চৌৰাশী হাজাৰ চাৰিশ পঞ্চাশ টকা) ৰাজহ উপাৰ্জনেৰে আন এক অভিলেখ সৃষ্টি কৰা বুলি বিজ্ঞপ্তিটোৰ জৰিয়তে দাবী কৰা হৈছে৷

উল্লেখ্যযোগ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষত লাভ কৰা এই ৰাজহৰ পৰিমাণ বিগত সাতটা বছৰৰ তুলনাত ৩৭ শতাংশ বৃদ্ধি হৈছে৷ যিয়ে মানাহৰ পৰ্যটনৰ দিশটো ধীৰে ধীৰে কিন্তু নিশ্চিতভাৱে ধনাত্মক দিশলৈ অগ্ৰসৰ হোৱাৰ ইঙ্গিত বহন কৰা বুলি কোৱা হৈছে৷

আনহাতে ব্যাঘ্ৰ প্ৰকল্পত থকা নিৰ্দেশনা অনুসৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্যাঘ্ৰকুলৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে মথনগুৰিত থকা বন বিভাগৰ বাংলোত পৰ্যটকৰ থকা-মেলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইবেলি জাৰি কৰা নিষেধাজ্ঞাই পৰ্যটকৰ আগমনৰ উপৰি ৰাজহ লাভৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি একাংশ লোকে কৰা আশংকাক বিজ্ঞপ্তিটোৰ জৰিয়তে নুই কৰা হৈছে৷

পৰ্যটকৰ সংখ্যা বৃদ্ধি আৰু ৰাজহ বৃদ্ধিৰ বিষয়টোত ‘মানাহ একোমোডেশ্যন এণ্ড টুৰিজিম ছ’ছাইটি’ আৰু ‘জীপ ছাফাৰী এচোছিয়েশ্যন’ৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত সক্ৰিয় বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে লোৱা ভূমিকাৰো শলাগ লোৱা হৈছে৷

অৱশ্যে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অনলাইন ব্যৱস্থাৰে পৰ্যটকসকললৈ বুকিংৰ সুবিধা প্ৰদান কৰাত পৰ্যটকসকলে অনলাইন বুকিং ব্যৱস্থাৰ সহায় লোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলোৱা দেখা গৈছে৷

তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ বাবে অহা অধিক সংখ্যক পৰ্যটকেই প্ৰথমে জীপ ছাফাৰী ব্যৱস্থাটোক অগ্ৰাধিকাৰ দিয়াৰ পিছতে ক্ৰমান্বয়ে হাতী ছাফাৰী, ৰিভাৰ ৰাফ্‌টিং আৰু হাতীৰ প্ৰতিপালন কৰা দৃশ্য প্ৰত্যক্ষ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে৷

একেদৰে ৰাজহ লাভৰ ক্ষেত্ৰতো শীৰ্ষত ৰিভাৰ ৰাফ্‌টিং, ক্ৰমে হাতী ছাফাৰি, জীপ ছাফাৰি আৰু পোহনীয়া হাতীৰ প্ৰতিপালন অন্যতম আছিল৷

Exit mobile version