Assam Hockey Association New President:অসম হকী সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2023 02 28 at 14.51.54

Assam Hockey Association New President:

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা অসম হকী সন্হাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ৷ মহানগৰীৰ বেলতলাস্থিত হোটেল ট’কিঅ’ টাৱাৰত অসম হকী সন্থাৰ দ্বাৰা আয়োজিত সাধাৰণ সভাত (২০২৩-২০২৬) আগন্তুক চাৰিবছৰলৈ হকী সন্থাৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

একেদৰে কার্যকৰী সভাপতি হিচাপে মনোনিত কৰা হয় ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ।

ৰাজ্যৰ প্ৰায় ২৮ খন জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে হকী অসমৰ সকলো বিষয়ববীয়া সহ ৯০ গৰাকী প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে অসম হকী সন্থাৰ উপ-সভাপতি মোহন বৰাই।

উল্লেখ্য যে, হকী সন্থাৰ সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ওদালগুৰিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিছিল দেওবাৰে ৷

মহন্তৰ অনুপস্থিতিৰ বাবেই জ্যেষ্ঠ উপ-সভাপতি মোহন বৰাৰ পৌৰোহিত্য কৰিছিল সাধাৰণ সভাত ৷ সভাত পর্যবেক্ষক হিচাপে সভাত উপস্থিত থাকে ভাৰতীয় হকী সন্থাৰ বিষয়ববীয়া ভূপেন্দ্ৰ সিং ।

সভাৰ কাৰ্যসূচীমৰ্মে সম্পাদকীয় প্রতিবেদন আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তপন দাসে । সভাত উপস্থিত থকা জিলা গোট সমূহৰ প্ৰতিনিধি বৰ্গই হকী খেলত অধিক জনপ্ৰিয়তা কৰিবলৈ ৰাজ্যৰ ভিন্নস্থানত প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰাৰ সম্পৰ্কত মতপোষণ কৰে ৷

আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰাই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সন্দৰ্ভত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে সভাই ৷

উল্লেখ্য যে,হকী অসমে ইতিমধ্যে ওদালগুৰি ,চৰাইদেও,চিৰাং,বাক্সা,চিলাপথাৰ আৰু শিৱসাগৰৰ প্ৰায় ১১৮০ জন খেলুৱৈক হকীৰ উচ্চমানৰ প্ৰশিক্ষণ দিয়া হৈছে বুলি সভাত উল্লেখ কৰে হকী অসমৰ সাধাৰণ সম্পাদক তথা হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাসে ৷

আনহাতে সভাই সৰ্বসন্মতিক্ৰমে গুৱাহাটী, বিশ্বনাথ,লখিমপুৰ,নাহৰকটীয়া,চৰাইদেও আৰু ধেমাজীত ল’ৰা-ছোৱালীৰ চাৱ জুনিয়ৰ, আৰু জুনিয়ৰ আৰু চিনিয়ৰ টুণামেন্ট ২০২৩ বৰ্ষত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Exit mobile version