BJP Eight State Meeting:লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে

পদ্মাভৱনত বৈঠকত মিলিত আঠ খন ৰাজ্যৰ সভাপতি

WhatsApp Image 2023 04 03 at 19.11.41

BJP Eight State Meeting:

আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বাবে নিজৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ।

আজি উজানবজাৰস্থিত দলৰ উত্তৰ-পূবৰ মুখ্য কাৰ্যালয় ‘পদ্মা ভৱন ত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত ‘বুথ সৱলীকৰণক মূল বিষয় হিচাপে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক শিৱপ্রকাশ, সম্পাদক অৰবিন্দ মেনন, সম্পাদিকা আশা লাক্ৰা লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক ড০ সম্বিত পাত্ৰ, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে ৮ খন ৰাজ্যৰ ৰাজ্যিক সভাপতি সকল উপস্থিত আছিল ।

এক প্ৰেছ বিবৃতিত দলৰ মুখপাত্র কিশোৰ উপাধ্যায়ে কয়, সভাত আগন্তুক দিনত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি আৰু অধিক মজবুত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বুথ সবলীকৰণৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটো আঁচনিয়ে হিতাধিকাৰী সকলক চুই যাৰ পৰাকৈ বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰিছে । এই কাৰ্যপন্থাৰ জৰিয়তে আগন্তুক দিনত উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন বৃদ্ধি কৰা হ’ব।

Exit mobile version