Gmch Fire: জি এম চি এইছৰ পুৰণি ভৱনত বিধ্বংসী অগ্নিকাণ্ড

আতংকিত ৰোগী তথা ৰোগীৰ আত্মীয়

WhatsApp Image 2023 04 03 at 18.21.13

Gmch Fire:

গুৱাহাটী মেডিকেল কলেজ হাস্পতাল বিধ্বংসী অগ্নিকাণ্ড ৷ পুৰণি ভৱনৰ প্ৰথম মহলাৰ এটা লেবৰ পৰা সূত্ৰপাত  জুই সম্প্ৰসাৰিত হয় পেথলজি বিভাগলৈ ৷ ভয়াৱহ অগ্নিকাণ্ড বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাঁহ যায় ৷

অগ্নিকাণ্ডক লৈ ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ অৱস্থা ৷ ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাইছে ৷

অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বটচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিতৰ সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷

Exit mobile version