Weather : আইএমডিৰ সঞ্চালক প্ৰধানৰ আগজাননী

এপ্ৰিল- জুনলৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিব

hot weather 1 fullscreen capture 592016 95709 am 650x400 1498208492

weather :

প্রচণ্ড গৰমৰে সহাৱস্থান কৰিবলৈ সাজু হওঁক। চলিত এপ্রিলতে প্রচণ্ড গ্ৰীষ্মপ্ৰৱাহে বিপর্যস্ত কৰিব পাৰে জনজীৱন। গোলকীয় উষ্ণতাৰ কুপ্ৰভাৱত এইবাৰ আগতীয়া তথা অস্বাভাৱিক গৰমে দেশৰ কে’বাখনো ৰাজ্যত অভিলেখ ৰচিব।

এই আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্রধান মৃত্যুঞ্জয় মহাপাত্ৰৰ। আইএমডিৰ সঞ্চালক প্রধানজনে শেহতীয়াকৈ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন প্ৰসংগত কয় যে এপ্ৰিলৰ পৰা জুনলৈকে প্ৰচণ্ড গ্রীষ্মপ্রবাহে জনজীৱন বিপর্যস্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

মূলতঃ মধ্য ভাৰত, পূৰ্বোত্তৰ আৰু দক্ষিণ-পশ্চিম ভাৰতৰ ৰাজ্যকেইখনত তিনিমাহজোৰা গ্ৰীষ্ম প্ৰৱাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে।

আইএমডিৰ সঞ্চালক প্রধানজনে শেহতীয়াকৈ এই কথাও কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত সেউজ গ্ৰহটোৰ তাপমাত্রা বৃদ্ধি পোৱাৰ সূত্ৰে বতৰৰ পৰিৱৰ্তনেও ভাৰসাম্যতা হেৰুৱাইছে।

এনে ভাৰসাম্যহীনতাৰ পৰিণতিতে যোৱা মাৰ্চত সমগ্ৰ দেশতে স্বাভাৱিক হাৰতকৈ অধিক পৰিমাণে বৰষুণ পৰিছে। মাৰ্চত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ঘেঁহু, সৰিয়হ আৰু পিঁয়াজৰ খেতি বিনষ্ট হোৱাৰ সূত্ৰে পৰৱৰ্তী সময়ছোৱাত দেশত এইকেইবিধ সামগ্ৰীৰ দাম বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা আছে।

আইএমডিৰ সঞ্চালক প্রধানজনৰ মতে, মাৰ্চত সমগ্ৰ দেশতে স্বাভাৱিক হাৰতকৈ ২৬ শতাংশ অধিক হাৰত বৰষুণ হৈছে। বৰষুণৰ অস্বাভাৱিক পৰিমাণৰ দৰেই এপ্ৰিলৰ মাজভাগৰ পৰাই প্ৰচণ্ড গৰমে দহিব বুলিও বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে।

উল্লেখ্য যে আইএমডিৰ আগজাননীৰ সূত্ৰে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্রচণ্ড গ্ৰীষ্ম প্ৰৱাহে সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে।

বিশেষকৈ গৰমৰ মাত্ৰা বঢ়াৰ লগে লগে দেশত বিদ্যুতৰ চাহিদাও বৃদ্ধি পাব। সেই সূত্রে কেন্দ্রীয় শক্তি মন্ত্রণালয়ে ইতিমধ্যে সম্ভাৱনা প্ৰকাশ কৰিছে যে এপ্ৰিলত বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰৰ সময়ত চাহিদাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব।

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাতানুকুল, ফেন, ৰেফ্রিজাৰেটৰ আদি অধিক পৰিমাণে ব্যৱহাৰ হোৱাৰ সূত্ৰে বিদ্যুতৰ চাহিদা বৃদ্ধি পাব। সেয়েহে শক্তি মন্ত্রণালয়ে ইতিমধ্যে শক্তি প্রকল্পসমূহলৈ নির্দেশ দিছে যাতে আগতীয়াকৈ প্ৰয়োজনীয় কয়লাকে ধৰি ইন্ধন আমদানিৰে মজুত কৰি ৰখা হয়।

একে সময়তে ডিজেলৰ চাহিদাও বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰ’লিয়াম মন্ত্রণালয়ে গ্ৰহণ কৰিছে আগতীয়া প্ৰস্তুতি। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, মাৰ্চত বৰষুণৰ বাবে তুলনামূলকভাৱে গ্ৰীষ্ম প্ৰৱাহৰ হাৰ স্বাভাৱিক হাৰতকৈ কম আছিল আৰু বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ অধিক আছিল।

কিন্তু এপ্ৰিলৰ মাজভাগৰে পৰা দেশবাসীয়ে প্রচণ্ড গৰমেৰে সহাৱস্থান কৰিবলৈ বাধ্য হ’ব লাগিব। বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ওড়িছা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা আৰু চত্তিছগড়ত এপ্ৰিলৰ পৰাই প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে জনজীৱন অতিষ্ঠ কৰি তুলিব বুলি আইএমডিৰ সঞ্চালক প্রধানজনে আগজাননী দিছে।

তেওঁ এই কথাও কয় যে ২০১৫ৰ পৰা ২০২০লৈ পৰিসংখ্যা অধ্যয়ন কৰিলে দেখা যায় যে ২০১৫ৰ তুলনাত ২০২০ৰ পৰা গ্ৰীষ্ম প্ৰৱাহে বিপর্যস্ত কৰাৰ ৰাজ্যৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। ২০২৩ত জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত দেশত গ্ৰীষ্ম প্ৰৱাহে বিপর্যস্ত কৰিব নতুন নতুন অঞ্চলক।

Exit mobile version