IPL Match In Guwahati :আই পি এল খেলক লৈ গুৱাহাটী ট্ৰেফিক আৰক্ষীৰ পথ নিৰ্দেশনা

ষ্টেডিয়ামলৈ নিব নোৱাৰিব কেতবোৰ সামগ্ৰী

WhatsApp Image 2023 04 04 at 4.56.11 PM

IPL Match In Guwahati :

সকলো উৎকণ্ঠাৰ অন্ত পেলাই পাঁচ আৰু আঠ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এল ৷ আই পি এলৰ বাবে গুৱাহাটী মহানগৰীত মহানগৰ ট্ৰেফিক আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ বিশেষ পথ নিৰ্দেশনা।

আজি এক সংবাদমেল যোগে মহানগৰ ট্ৰেফিক আৰক্ষীৰ উপায়ুক্ত হিৰণ্য কুমাৰ বৰ্মণে উল্লেখ কৰা অনুসৰি পাঁচ এপ্ৰিলত পুৱা এঘাৰ বজাৰ পৰা ছয় এপ্ৰিলৰ নিশা এক বজালৈ ১৭ আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধূৰ যান–বাহন চলাচলত বাধাৰোপ কৰা হৈছে ৷

একেদৰে খেলৰ সময়ছোৱাত এ কে আজাদ ৰোড আৰু এ কে দেৱ পথত কৰ্মাচিয়েল আৰু তিনিচকীয়া বাহন পাঁচ এপ্ৰিলৰ দুপৰীয়া এক বজাৰ পৰা প্ৰৱেশত বাধাৰোপ কৰা হৈছে ৷

আনহাতে আঠ এপ্ৰিলৰ দিনৰ এঘাৰ বজাৰ পৰা নিশা দহ বজালৈ দুয়োটা পথতে একেই নিদেৰ্শনা বাহাল থাকিব বুলি কোৱা হৈছে ৷

খেলৰ দিনা বৰ্ষাপাৰা ষ্টেডিয়ামৰ গেইট নম্বৰ তিনিৰ পাছ থকাসকলে বৰ্ষাপাৰা তিনিআলি হৈ সোমাব লাগিব ষ্টেডিয়ামত।

আনপিনে গেইট নং চাৰিৰ পাছ থকাসকলে ভূপেন হাজৰিকা পথৰে চাইকেল ফেক্টৰী হৈ আহিব লাগিব। পাৰ্কিঙৰ বাবেই বিশেষ নিৰ্দেশনা জাৰি কৰিছে ট্ৰেফিক আৰক্ষী অধীক্ষকে ৷ সেই অনুসৰি গণেশপাৰা ফিল্ড,চম্পাৱতী ফিল্ড, আমবাৰী ৰংপথাৰ, লুটিমা ফিল্ড আদি স্থান নিৰ্ধাৰিত কৰি দিয়া হৈছে। ইয়াতে যান-বাহন সমূহে ৰাখিব পাৰিব ৷

মনকৰিবলগীয়া যে, আই পি এল টুৰ্নামেণ্টৰ দিনা বৰ্ষাপাৰা ষ্টেডিয়ামৰ ভিতৰলৈ লৈ সামগ্ৰী নিয়াতো সম্পূৰ্ণৰূপে বাৰণ কৰা হৈছে ।

ষ্টেডিয়ামৰ ভিতৰলৈ কোনোৱে নিব নোৱাৰিব পানীৰ বটল, শীতল পানী জাতীয় খাদ্য,লাইটাৰ, আতচবাজি বাদ্য যন্ত্ৰ, লোহাৰ বাকচ, মাৰণাস্ত্ৰ, হেলমেট, বেগ,চাধাটেমা,গুটখা পেকেট ইত্যাদি ।

Exit mobile version