Ragging Incident In Goalpara Sainik School:ৰাজ্যক পুনৰ ৰেগিং কাণ্ড !

গোৱালপাৰা সৈনিক স্কুলত জ্যেষ্ঠ ছাত্রই উপযুপৰি প্রহাৰ কৰিলে কনিষ্ঠ ছাত্রক

WhatsApp Image 2023 04 04 at 11.30.15 AM

Ragging Incident In Goalpara Sainik School:

ৰাজ্যত পুনৰ ভয়ংকৰ ৰেগিং কাণ্ড ৷ এইবাৰ এই কাণ্ড সংঘটিত হয় গোৱালপাৰাৰ সৈনিক স্কুলত ৷ প্ৰাপ্ত খবৰ মতে, স্কুলৰ জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক উপযুপৰি প্ৰহাৰ কাৰ্যই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ আনকি প্ৰহাৰ কৰা দৃশ্যৰ ফুটেজ সামাজিক মাধ্যমত হৈছে ব্যাপক ভাইৰেল

৷ ভাইৰেল হোৱা দৃশ্যত দেখা গৈছে একাংশ জ্যেষ্ঠ ছাত্ৰই নৱাগত ছাত্ৰক পিছফালৰ হাত বান্ধি ছাত্ৰাবাসৰ মুকলি পথাৰত চুচৰিবলৈ দিয়া হৈছে ৷ আনকি চুচৰিব নোৱাৰা ছাত্ৰক লাঠিৰে কোবোৱা হৈছে ৷

এই দৃশ্যই হতচকিত কৰি তুলিছে অভিভাৱকক ৷ কিমান নিৰ্দয় হ’ব জ্যেষ্ঠ ছাত্ৰ ৷ অধ্যয়নৰ বাবে আহি জ্যেষ্ঠ ছাত্ৰৰ শাৰীৰিক প্ৰহাৰৰ সন্মুখীন হৈছে নিৰীহ কনিষ্ঠ ছাত্ৰ ৷

ইতিমধ্যে ভূক্তভোগী ছাত্ৰজনৰ অভিভাৱকে সমস্ত বিষয়টো ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক জনোৱা পাছতে গোচৰ ৰজু কৰা হৈছে মৰনৈ থানাত ৷

গোচৰ ৰজুৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰিছে ৷ এনে ক্ষেত্ৰত যিকোনো মুহূৰ্ততে আটক হ’ব পাৰে উদণ্ড জ্যেষ্ঠ ছাত্ৰ কেইজন ৷

উল্লেখ্য যে,ডিব্ৰুগড়ত সংঘটিত ৰেগিং কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পৰৱৰ্তী সময়ত চৰকাৰে ৰেগিঙৰ বিৰূদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ সৈনিক স্কুলত সংঘটিত ভয়ংকৰ ৰেগিং কাণ্ডই চিন্তাম্বিত কৰি তুলিছে সচেতন মহলক ৷

কঠোৰ হাতে ৰেগিং বন্ধ হোৱাটো কামনা কৰিছে সচেতন ৰাইজে ৷

Exit mobile version