Assam Assembly Budget Session : বিধানসভাত অখিল গগৈৰ মোবাইল বিতৰ্ক !

WhatsApp Image 2023 04 05 at 2.06.20 PM

Assam Assembly Budget Session :

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ম’বাইলক লৈ আজি অসম বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে ৷

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদনত ম’বাইল কথাবাৰ্তা কৰি থকা সম্পৰ্কত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ দৃষ্টি আকৰ্ষণ কৰে।

উল্লেখ্য যে, সদনত এক মৌখিক প্ৰশ্নৰ পৰিপূৰক প্ৰশ্নোত্তৰ চলি থকা সময়তে মন্ত্ৰী হাজৰিকাই অধ্যক্ষক সম্বোধন কৰি কয় যে,সদনত এগৰাকী সদস্যই ম’বাইলত কথাবাৰ্তা কৰি আছে ৷ সদনত ম’বাইল ব্যৱহাৰ কৰিব পাৰে নে ৷

আনহাতে পীযুষ হাজৰিকাৰ এই বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে অখিল গগৈয়ে ৷ পীযুষ আৰু অখিলৰ মাজত তৰ্কাতৰ্কি চলি থকাৰ মাজতে অধ্যক্ষ দৈমাৰীয়ে বিধায়ক গগৈক ৰুলিং দি কয়,সদনত কোনেও ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰে ৷ এনে ক্ষেত্ৰত কোনো যুক্তি নিদিব ৷ আপুনি আজিৰ পৰা সদনলৈ ম’বাইল নানিব ৷

ইয়াৰ পাছতে পুনৰ থিয় হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ম’বাইল লগত আনিব দিয়ক ৷ মাত্ৰ সদনত ব্যৱহাৰ কৰিব নালাগে ৷

Exit mobile version