FDI :
চীন আৰু আমেৰিকাৰ পাছত বিশ্বৰ তৃতীয় সবাতোকৈ বৃহৎ উপভোক্তাৰ বজাৰ ভাৰতে শেহতীয়াভাৱে বিদেশী বিনিয়োগকাৰীক বিশেষভাৱে দৃষ্টি আকৰ্ষিত কৰিছে।
ফাষ্টফুড পৰা অট’মবাইল, ম’বাইল ফোনলৈকে প্ৰায়বোৰ খণ্ডতে ভাৰতীয় উপভোক্তাৰ ব্যয় ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ২০২২ বৰ্ষৰ ডিচেম্বৰৰ অন্তিমটো ত্ৰিমাহেকত ভাৰতৰ উপভোক্তাৰ ব্যয় ২৪.৭৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছিল।
ইয়াৰ পূৰ্বৰ ২০২২ৰ ছেপ্টেম্বৰত অন্ত পৰা তৃতীয়টো ত্ৰিমাহেকত দেশৰ উপভোক্তা ব্যয়ৰ পৰিমাণ আছিল ২৩.০৯ লাখ কোটি টকা আৰু ডিচেম্বৰত এই ব্যয় ৭.২৮ শতাংশ বৃদ্ধি পাইছিল।
২০২২-২৩ বিত্তীয় বৰ্ষৰ ১১ টা মাহত চাৰিটা মুখ্য উদ্যোগ খণ্ড ক্রমে অট’মবাইল, কনজিউমাৰ ডিউৰেবল, কনজিউমাৰ ছাৰ্ভিছেচ আৰু ফাষ্ট ম’ভিং কনজিউমাৰ গুডছ (এফএমচিজি) খণ্ডত ভাৰতত ২২ হেজাৰ কোটি টকাৰ বৈদেশিক…






























