FDI:✒️দেশৰ বীমা খণ্ডত এক বৃহৎ পৰিৱৰ্তন। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ত অনুমোদন জনায়। অৰ্থাৎ বিদেশী বিনিয়োগকাৰীয়ে এতিয়া দেশৰ বীমা কোম্পানীত ১০০ শতাংশ পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব।
জ্ঞাত মহলে অনুমান কৰে যে এই পদক্ষেপৰ লক্ষ্য হৈছে দেশলৈ অধিক মূলধন অনা, প্ৰতিযোগিতা বৃদ্ধি, আৰু গ্ৰাহক সেৱা শক্তিশালী কৰা।
এই সন্দৰ্ভত বিধেয়কখন অহা সপ্তাহত অৰ্থাৎ ১৯ ডিচেম্বৰত সংসদত দাখিল কৰাৰ সম্ভাৱনা আছে।এই বিষয়ে লোকসভাৰ বুলেটিনে অৱগত কৰিছে।
এতিয়ালৈকে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সৰ্বোচ্চ সীমা আছিল ৭৪ শতাংশ। এইবাৰ এবাৰতে ২৬ শতাংশ বৃদ্ধি কৰা হৈছে।
ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ ইংগিত দিছিল। চলিত বৰ্ষৰ সম্পূৰ্ণ বাজেট ঘোষণা কৰাৰ সময়ত তেওঁ এই কথা উল্লেখ কৰিছিল ।যদিও সেই সময়ত বিৰোধীয়ে এনে পদক্ষেপক সমালোচনা কৰিছিল।
লগতে এটা প্ৰশ্ন উত্থাপন হৈছিল যে য’ত স্বাস্থ্য বীমাৰ ওপৰত ১৮ শতাংশ জি এছ টি আৰোপ কৰা হৈছে, তাত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পথ কিয় অনুসৰণ কৰা উচিত?
অৱশ্যে এইবাৰ এই প্ৰস্তাৱ মন্ত্ৰীসভাই গ্ৰহণ কৰে। ফলত বিধেয়কখন সংসদত দাখিল কৰা হ’ব।
দেশৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বীমা খণ্ডৰ অন্যতম। বিত্ত মন্ত্ৰালয়ে বীমা খণ্ডক আধুনিকীকৰণৰ বাবে কেবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে।
১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উপৰিও বিশেষকৈ নতুন শাখা খোলা, কৰ্মচাৰী নিয়োগ কৰা আদি বিষয়ত চৰকাৰে এল আই চি ব’ৰ্ডক অধিক পৰিচালনা ক্ষমতা প্ৰদানৰ পৰিকল্পনা কৰিছে।
তদুপৰি ১৯৩৮ চনৰ বীমা আইন আৰু ১৯৯৯ চনৰ আই আৰ ডি এ আই আইনত সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে।ইয়াৰ লগতে লক্ষ্য হৈছে এক ঐক্যবদ্ধ অনুজ্ঞাপত্ৰ ব্যৱস্থা গঢ়ি তোলা যাতে বীমা কোম্পানীসমূহে একেখন ছাদৰ তলত একাধিক সামগ্ৰী আগবঢ়াব পাৰে।






























