ICMR : আইচিএমআৰত নিয়োগৰ মহাসুযোগ, সবিশেষ জানি লওক

0 BLKyNRy3P7SMz5Kw

ICMR :

সম্প্ৰতি আইচিএমআৰ-নেচনেল ইনষ্টিটিউট অব ইমিউন’হেমাট’লজীয়ে এক বিজ্ঞপ্তি জাৰি কৰি এছইআৰবি প্রজেক্টৰ অধীনত জুনিয়ৰ ৰিছাৰ্চ ফেল’ পদত নিয়োগৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।

আগ্রহী প্রার্থীয়ে শীঘ্ৰে অনলাইনত আবেদন কৰিব পাৰিব। অস্থায়ী চুক্তিৰ ভিত্তিত প্রার্থীক নির্বাচন কৰা হ’ব। এই বিষয়ত সবিশেষ জানিবলৈ প্ৰাৰ্থীয়ে আইচিএমআৰৰ ৱেবছাইট ভিজিট কৰিব লাগিব। প্ৰাৰ্থীয়ে অহা সাত এপ্ৰিলৰ ভিতৰত অনলাইনযোগে আবেদনপত্র জমা দিব লাগিব। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি মুঠ খালী পদৰ সংখ্যা এটা।

শিক্ষাগত যোগ্যতা : প্রার্থী বেছিক ছায়েন্স, জেনেটিক্স, বায়’কেমিষ্টি, এপ্লাইড বায়’লজী বা লাইফ ছায়েন্সত প্রথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব। লেকচাৰশ্বিপ আৰু গেটসহ নেচনেল এলিজিবিলিটি টেষ্ট চিএছআইআৰ-ইউজিচি নেটৰ মাধ্যমৰে প্ৰাৰ্থীক নির্বাচন কৰা হ’ব। মলিকিউলাৰ বায়’লজীত অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

বয়সৰ সীমা : আবেদনকাৰীৰ বয়স ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।

বেতনৰ নিৰিখ : নিযুক্ত প্রার্থীয়ে মাহে ৩১,০০০ টকাৰ বেতন লাভ কৰিব। ইয়াৰ লগতে প্ৰাৰ্থীয়ে এইচআৰএ হিচাপে লাভ কৰিব মাহে ৮,৩৭০ টকা।

নিযুক্তিৰ ম্যাদ : অস্থায়ী চুক্তিৰ ভিত্তিত প্ৰাৰ্থীক এবছৰৰ বাবে নিয়োগ কৰা হ’ব। প্ৰয়োজনত প্ৰাৰ্থীক পুনৰ দুবছৰৰ বাবে নিযুক্তি দিয়া হ’ব পাৰে।

নিযুক্তি প্রক্রিয়া : বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি ভিডিঅ’ কল বা ভিডিঅ’ কনফাৰেন্সত এক অনলাইন সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তিৰ বাবে প্ৰাৰ্থীক নিৰ্বাচন কৰা হ’ব। সবিশেষ তথ্য জানিবলৈ প্ৰাৰ্থীয়ে আইচিএমআৰৰ ৱেবছাইট ভিজিট কৰক।

Exit mobile version