IPL Match In Guwahati : বৰ্ষাপাৰাত আজি মহাৰণ

গুৱাহাটীত প্ৰথমবাৰলৈ আই পি এল

3fbc124c 9b48 4a0f 98e5 95e81d01f606

IPL Match In Guwahati :

ক্ৰিকেটপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আই পি এলৰ হাইভল্টেজ মেচ ৷ একপ্ৰকাৰ আই পি এল জ্বৰত আক্ৰান্ত গুৱাহাটী মহানগৰ ।

আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজত মহাৰণ ৷ খেল আৰম্ভণিৰ পূৰ্বেই ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ দৰ্শকৰ বাবে খুলি দিয়া হ’ব বিয়লি চাৰি বজাত ৷

আনহাতে খেল আৰম্ভ হোৱাৰ আগতে অনুষ্ঠিত হ’ব এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান ৷য’ত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কষ্ঠশিল্পী জয় বৰুৱা,প্ৰিয়ংকা ভড়ালী সহ উত্তৰ – পূবৰ জনগোষ্ঠীয় সাংস্কৃতিক দলৰ বাৰেৰহণীয়া নৃত্য প্ৰদৰ্শন ৷ইয়াৰ উপৰিও ব্যতিক্ৰমী ৰূপত লেজাৰ শ্ব আৰু ভিন্নৰঙী আতচবাজী ৷

খেলৰ পূৰ্বে অনুষ্ঠিত হ’ব বৰ্ণিং সাংস্কৃতিক অনুষ্ঠান। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ (Priyanka Bharali) লগতে উত্তৰ পূবৰ বিভিন্ন সাংস্কৃতিক দলে পৰিৱেশন কৰিব অনুষ্ঠান। লগতে থাকিব লেজাৰ শ্ব’। খেলৰ শেষত প্ৰদৰ্শন কৰা হ’ব আতচবাজি।

আজিৰ খেল খনৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈ তথা অসমৰ জনপ্ৰিয় ক্ৰিকেটাৰ ৰিয়ান পৰাগ ৷ পৰাগৰ বলিং আৰু বেটিং চাবলৈ উৎকণ্ঠিত হৈ পৰিছে ক্ৰিকেট প্ৰেমী সকল ৷ আজি সন্ধিয়াৰ হাইভল্টেজ খেল খন উপভোগ কৰিব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷

মনকৰিবলগীয়া যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আই পি এল স্বচক্ষে উপভোগ কৰিবৰ বাবে দৰ্শকৰ আনন্দৰ সীমা নোহোৱা হৈছে ৷ অৱশ্যে বতৰ কিছু ডাৱৰীয়া হোৱাত চিন্তিত হৈ পৰিছে আয়োজক আৰু ক্ৰিকেট অনুৰাগী সকল ৷

উল্লেখ্য য়ে, গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে দুখনকৈ মেচ অনুষ্ঠিত হ’ব ৷ আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত প্ৰতিদ্বন্দ্ব্বিতা হোৱাৰ বিপৰীতে আঠ এপ্ৰিলত হ’ব দিল্লী কেপিটেলচ আৰু ৰাজস্থান ৰয়েলছৰ মাজত আকৰ্ষণীয় খেল খন অনুষ্ঠিত হ’ব ৷

Exit mobile version