World Cup : মহিলা দলত স্থান লাভ অসমৰ গ’লৰক্ষক আলিছা ফাৰহিনৰ

Screenshot 457

World Cup :

অসমৰ ক্ৰীড়াজগতৰ বাবে আন এক গৌৰৱৰ খবৰ। পুনৰ অসম কন্যাই ক্রীড়াৰ জড়িয়তে অসমবাসীক দিছে গৌৰৱ লগতে আনন্দ। উল্লেখ্য যে অসমৰ আলিছা ফাৰহিনে ৰোল বল বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ কৰিছে।

মঙলবাৰে এই কথা প্ৰকাশ কৰে অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। উল্লেখ্য যে অহা ২১-২৬ এপ্ৰিললৈ পুনেত অনুষ্ঠিত হ’ব পুৰুষ আৰু মহিলাৰ ষষ্ঠ ৰোল বল বিশ্বকাপ।

দেশত অনুষ্ঠিত হ’বলগা ৰোল বলৰ শ্ৰেষ্ঠ প্রতিযোগিতাখনৰ বাবে আজি ভাৰতীয় পুৰুষ আৰু মহিলাৰ দল দুটা ঘোষণা কৰিছে ফেডাৰেছনে। অসমৰ আলিছা ফাৰহিনে ১২ জনীয়া ভাৰতীয় মহিলা দলত গ’লৰক্ষকৰূপে স্থান লাভ কৰিছে।

উল্লেখ্য যে ৰোল বল বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ কৰা আলিছা ফাৰহিন অসমৰ প্রথম মহিলা খেলুৱৈ হোৱাৰ বিপৰীতে এই গৌৰৱ অৰ্জন কৰা ৰাজ্যৰ দ্বিতীয়গৰাকী খেলুৱৈ।

ইয়াৰপূৰ্বে পঞ্চম ৰোল বল বিশ্বকাপৰ ভাৰতীয় পুৰুষ দলত প্ৰথম অসমীয়া খেলুৱৈ হিচাপে স্থান লাভ কৰিছিল বি এ কাৰ্গিলে। অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বর্মনে এই কথা অবগত কৰিছে। উল্লেখ্য যে আলিছাই বর্তমান যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে।

ইফালে, প্রতিযোগিতাখনৰ বাবে মঙলবাৰে ঘোষিত ভাৰতীয় পুৰুষ দলত ষ্টেণ্ডবাই হিচাপে আছে অসমৰ অনুৰাগ বাছফৰ। অসম ৰোল বল সন্থাই উভয় খেলুৱৈকে শুভেচ্ছা জনাইছে।

Exit mobile version