Foundation Day Celebrations At Pradesh BJP office:দলৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মন্তব্য নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৃথিৱীত শান্তি স্থাপন আৰু গণতন্ত্ৰ সৱল হ’ব”

WhatsApp Image 2023 04 06 at 2.03.16 PM

Foundation Day Celebrations At Pradesh BJP office:

“ভাৰততেই গণতন্ত্ৰৰ জন্ম হৈছে। ভাৰতৰ পৰাই গণতন্ত্রই বিশ্ব যাত্ৰাও কৰিছে। গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰি ভাৰতীয় সমাজক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গতিশীল আৰু সবল কৰি ৰাখিছে”- এই মন্তব্য কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ভাৰতীয় জনতা পার্টিৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে বিজেপি অসন প্রদেশে আয়োজন কৰা কেন্দ্রীয় কাৰ্যক্ৰমত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে এনেদৰে মত পোষণ কৰে।

সোণোৱালৰ মতে বর্তমান ভাৰতে বিশ্বব সকলো সমস্যাৰ সমাধান সূত্ৰ আগবঢ়াবলৈ সক্ষম হৈছে। সততা আৰু নিষ্ঠাৰে দেশক সেৱা কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক উদ্বুদ্ধ কৰাৰ বাবেই আজি পৃথিৱীত ভাৰতবৰ্ষ নীতি নিৰ্ধাৰক ৰাষ্ট্ৰ হিচাপে পৰিণত হোৱা বুলি সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে।

আন্ত:ৰাষ্ট্রীয় যোগ দিৱসৰ কথা উল্লেখ কৰি অহা ২১ জুনৰ দিনা ৰাজ্যৰ সকলো স্তৰতে যোগাভ্যাস কৰিবলৈ সোণোৱালে আহ্বান জনায়। লগতে কেন্দ্রীয় মন্ত্রীজনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো বুথত যোগ দিবস পালন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে দলীয় কার্যকৰ্তা সকলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে দলৰ প্ৰতিটো বুথ, মণ্ডল আৰু জিলা কার্যালয় সমূহতো উলহ-মালহৰে প্ৰতিষ্ঠা দিৱসৰ কার্যক্রম উদযাপন কৰে।

প্রতিষ্ঠা দিবস উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰতিষ্ঠা কালৰে পৰা সৰ্বোচ্চ ত্যাগ কৰি দলক শক্তিশালী কৰা প্ৰতিজন কার্যকৰ্ত্তাৰ বিৰল অবদানৰ কথা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সুন্দৰভাবে বৰ্ণনা কৰে। কলিতাৰ মতে পূর্বজ কার্যকর্তা সকলৰ ত্যাগৰ বাবেই দলে আজি সোণালী দিন দেখিবলৈ পাইছে।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত থকা দলৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনাৰ মূল প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ কার্যক্রম অনুষ্ঠিত হয়।

বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কাৰ্যক্ৰমত কেন্দ্রীয় মন্ত্রী অশ্বিনী চৌবে, দলৰ প্ৰাক্তন সভাপতিক্রমে নাৰায়ণ বৰকটকী, ৰমেন ডেকা, ৰাজেন গোহাঁই তথা ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

ভৱেশ কলিতাই দলৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰদান কৰা ভাষণ সকলো কার্যকর্তাই প্রেক্ষাগৃহত ভার্চুৱেলী শ্রবণ কৰে।

ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডা ভাষণৰ পিছতেই দলৰ কার্যকৰ্তা তথা দেশবাসীক প্ৰতিষ্ঠা দিবস উপলক্ষে প্রধানমন্ত্রীয়ে সম্বোধন কৰে।

উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামাজিক ক্ষেত্রলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট নাগৰিকক দলৰ মুখ্য কাৰ্যালয়ত সম্বর্ধনা জনোৱা হয়।

দলৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিৱস উদ্‌যাপন কৰাৰ বাবে বিজেপি অসম প্ৰদেশৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস আৰু সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নেতৃত্বত এটি উদযাপন সমিতি দলে গঠন কৰি দিছিল। এই সমিতিৰ তদাৰকতে সমগ্ৰ ৰাজ্যত আজি দলৰ প্ৰতিষ্ঠা দিবস উলহ-মালহৰে পালন কৰা হয়।

Exit mobile version