Nalbari : নলবাৰী পৌৰসভাৰ কাণ্ড : হাই ভল্টেজ ট্ৰেন্সফৰ্মাৰৰ কাষত ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মান

Nalbari :

বহু অভিযোগ, ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ পাছত নলবাৰী পৌৰসভাই সাজি উলিয়াইছে এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ। এই প্ৰস্ৰাৱগাৰটো নিৰ্মান কৰিছে পৌৰসভাৰ কাৰ্যালয়ৰ কাষত, কল্পনা ষ্টুডিঅ’ৰ সম্মুখত।

পিছে এইটো প্ৰস্ৰাৱগাৰ নহৈ মৰণফাণ্ড হোৱাৰহে সম্বাৱনা প্ৰকট হৈ পৰিছে। কিয়নো যিঠাইত প্ৰস্ৰাৱগাৰটো নিৰ্মান কৰা হৈছে তাৰ সম্মুখতে আছে এটা প্ৰকাণ্ড হাই ভল্টেজ ট্ৰেন্সফৰ্মাৰ।

প্ৰস্ৰাৱগাৰটোলৈ যাব লগা হ’লে মাত্ৰ ট্ৰেন্সফাৰ্মাৰটোৰ মাত্ৰ দুই তিনিফুট দূৰত্বৰে যাব লাগে। তেনেস্থলত ইয়ালৈ গৈ মানুহহে ভয়ানক বিপদ চপাই লোৱাৰহে আশংকা বেছি।

উল্লেখ্য যে নলবাৰী থানা চকৰ পৰা মাজত মাত্ৰ নাট্য মন্দিৰ আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় বাদ দি একেবাৰে বহাগী বজাৰ পৰ্যন্ত নলবাৰী পৌৰ সভাৰে দোকান ঘৰ।

পিছে এই বৃহৎ অঞ্চলটোৰ আন সুবিধাজনক ঠাইত প্ৰস্ৰাৱগাৰটো নিৰ্মান কৰাৰ বাবে অকণমান ঠাই নোলাল। নিৰ্মান কৰিলে ভয়ানক বিপদসংকুল এটুকুৰা ঠাইত, যত মানুহে শৌচ- পেচাব কৰিবলৈ যোৱা মানে বিপদ মাতি অনাৰহে আশংকা অধিক।

Exit mobile version