Gang-Raped In Hajo:হাজোত দলবদ্ধ ধৰ্ষণ কাণ্ড !

নগৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

WhatsApp Image 2023 04 07 at 4.30.10 PM

Gang-Raped In Hajo:

তীৰ্থ নগৰী হাজোত সংঘঠিত হৈছে জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ড ৷ ইতিমধ্যে এই ধৰ্ষণ কাণ্ডত লিপ্ত নজনকৈ পাষণ্ডক আৰক্ষীয়ে অতি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছে ৷

প্ৰাপ্ত খবৰ মতে, হাজোৰ টপাবৰি চৰত সংঘটিত এই সামহিক ধৰ্ষণৰ বলি মহিলা গৰাকীৰ দুৰ্ভগীয়া পৰিয়ালটোৱে মঙলবাৰে সংশ্লিষ্ট থানাত দাখিল কৰিছিল এজাহাৰ

এজাহাৰত উল্লেখ কৰা মতে, ধৰ্ষণ কাণ্ডৰে জয়িত লোক কেইজনে মহিলাগৰাকীক চাকৰি যোগাৰ কৰি দিয়াৰ প্ৰলোভনেৰে এখন কেবত উঠাই নি থকা পথত গাড়ীৰ ভিতৰতে কুকাৰ্য সংঘটিত কৰে ৷

আনহাতে ,ধৰ্ষিতা মহিলা গৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত কামৰূপ গ্ৰাম্য আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ নিৰ্দেশত হাজো আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি বাক্সাত অভিযান চলাই আটক কৰে ধৰ্ষণ কাণ্ডৰ মুল খলনায়ক কেব চালক আলটাফক ৷
আনহাতে ধৃত আলটাফৰ স্বীকাৰোক্তি মৰ্মে নিশাই আন আঠ সহযোগীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত চাৰিচকীয়া কেব গাড়ী খনো জব্দ কৰে ৷ উল্লেখ্য যে,ভূক্তভোগী মহিলা গৰাকীৰ ঘৰ ধেমাজীত বুলি আৰক্ষী সূত্ৰত জানিব পৰা গৈছে ৷

Exit mobile version