Cm Pressmeet In Janata Bhawan:সৰুসজাই ষ্টেডিয়ামত কাইলৈ হ’ব বিহুৰ বিশ্ব অভিলেখ

সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬-৩০ বজাৰ ভিতৰত১১,১০৪ গৰাকী বিহুৱা-নাচনীয়ে গঢ়িব বিহুৰ বিশ্ব অভিলেখ , বিহুৱা-বিহুৱতী-প্ৰশিক্ষকক দিয়া হ'ব ২৫ হাজাৰকৈ টকা

WhatsApp Image 2023 04 12 at 8.01.35 PM

Cm Pressmeet In Janata Bhawan:

গৰু বিহু দিনা বিহুৰ বিশ্ব অভিলেখৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও এটা দিন আগবঢ়াই কাইলৈ সৰুসজাই ষ্টেডিয়ামত হ’ব বিহুৰ বিশ্ব অভিলেখৰ অনুষ্ঠান ৷ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত এই কথা সদৰি কৰে ৷

কাইলৈ সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬-৩০ বজাৰ ভিতৰত১১,১০৪ গৰাকী বিহুৱা-নাচনীয়ে গঢ়িব বিহুৰ বিশ্ব অভিলেখ ৷

মুখ্যমন্ত্ৰীয়ে কাইলে অনুষ্ঠিত হ’ব লগা বিশ্ব অভিলেখৰ এই বিৰল মুহূৰ্ত উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে,১৪ এপ্ৰিলৰ গৰু বিহুৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিহু নাচি সৰুসজাই ষ্টেডিয়ামত গ্ৰহণ কৰা হ’ব গীনিজ ৱল্ড ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ ৷

আনহাতে বিহুৱা – বিহুৱতীৰ লগতে প্ৰশিক্ষকে লাভ কৰিব ২৫ হেজাৰকৈ লাভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে বিহুৱা -বিহুৱতীয়ে গুৱাহাটীলৈ অহাৰ পূৰ্বে লাভ কৰিছিল ১০ হেজাৰ পাঁচশ টকা ৷ এতিয়া অতিৰিক্তভাৱে ২৫ হেজাৰ পালে মুঠ টকা লাভ কৰিব ৩৫,৫০০ টকা ৷

Exit mobile version