Myanmar Army Air Strike :ম্যানমাৰ সেনাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক

নিজ দেশৰ জনতাৰ ওপৰত চলোৱা আক্ৰমণত নিহত শতাধিক গঞা,মৃতকৰ ভিতৰত ৩০ টা শিশু

WhatsApp Image 2023 04 12 at 12.31.10 PM

Myanmar Army Air Strike :

চুবুৰীয়া দেশ ম্যানমাৰত সামৰিক বাহিনীৰ ভয়ংকৰ বিমান আক্ৰমণ ৷ আক্ৰমণত নিহত ৩০ টা শিশু সহ শতাধিক নিৰীহ গঞাই মৃত্যুক সাবটি লয় ৷

উল্লেখ্য যে,২০২১ত গণতান্ত্ৰিক চৰকাৰ ভংগ কৰি সকলো নেতা- নেত্ৰীকে কাৰাগাৰত বন্দী কৰি সেনাৰ অভ্যুত্থান হৈছিল।

প্ৰতিবেশী ৰাষ্ট্ৰ খনত গণতান্ত্ৰিক চৰকাৰক উফৰাই সেনাই শাসনভাৰ চলোৱাৰ পাছৰে পৰা দেশখনৰ প্ৰান্তে প্ৰান্তে সামৰিক শাসনৰ বিৰুদ্ধাচৰণ কৰি আহিছে বিভিন্ন দল সংগঠনে ৷

একেদৰে গণতান্ত্ৰিক চিন্তাত বিশ্বাসী লোকসকলেও এই সামৰিক শাসনৰ বিৰোধিতা কৰি আহিছে । বাৰ্মিজ সেনাই বিৰুদ্ধাচৰণ কৰা সকলৰ বিৰুদ্ধে সময়ে সময়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বহুতকে কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বিপৰীতে কে’বাজনো প্ৰতিবাদীক ফাঁচী দিছিল ৷

এনে স্বেচ্ছাচাৰী শাসন অব্যাহত ৰখা স্বয়ম্ভু সামৰিক চৰকাৰে চৰকাৰ বিৰোধী সকলৰ অন্যতম অঞ্চলৰূপে টাৰ্গেট কৰি নিশাই সামৰিক জেট আৰু হেলিকপ্টাৰে গাওঁখনত বোমা নিক্ষেপ কৰিছিল। ফলস্বৰূপে শিশু সহ নিহত হয় শতাধিক লোক৷

মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও বাৰ্মিজ সেনাই নিজ দেশৰ নাগৰিকৰ ওপৰতেই এয়াৰ ষ্ট্ৰাইক কৰি আহিছে । ইতিমধ্যে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আন্তৰ্জাতিক পৰ্যায়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে জুন্টা চৰকাৰ

Exit mobile version