Lpg Bottling Plant Opening In Goalpara :গোৱালপাৰা মাটিয়াত এল পি জি বটলিং প্লান্ট উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

WhatsApp Image 2023 04 13 at 2.11.55 PM

Lpg Bottling Plant Opening In Goalpara :

নামনি অসমৰ গোৱালপাৰাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ হিন্দুস্থান পেট্ৰলিয়ামে স্থাপন কৰা এটা এল,পি,জি বটলিং প্লাণ্টৰ শুভ উদ্বোধন কৰে গেছ আৰু পেট্ৰলিয়াম ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

উদ্বোধনী ভাষণত মন্ত্ৰী গৰাকীয়ে সময়ে সময়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ মূল্য নির্ধাৰণ কৰাৰ সন্দৰ্ভত কয়,ৰন্ধন গেছৰ চিলিণ্ডাৰ মূল্য নির্ধাৰণ কৰে দেশৰ তিনি ৰাষ্ট্ৰীয়কৃত কোম্পানী ক্ৰমে ইণ্ডিয়ান অইল আৰু ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্থান পেট্ৰলিয়াম কোম্পানী ৷

যেতিয়া আন্তজাৰ্তিক বজাৰত গেছৰ দাম কমে তেতিয়া উল্লিখিত কোম্পানী কেইটাই ভাৰতত গেছৰ দাম কমাই ৷ আনহাতে গেছৰ দাম বৃদ্ধি পালে পুনৰ ভাৰতত এই কোম্পানী তিনিটাই ৰন্ধন গেছৰ দাম বৃদ্ধি কৰে ৷ এই ক্ষেত্ৰত চৰাকাৰে পোনপতীয়াকৈ একো ক’ব নোৱাৰে ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয়,গোৱালপাৰা জিলাৰ মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰত ৩০ টি এম টি পি এ ক্ষমতাসম্পন্ন এল পি জি বটলিং প্লান্টটো ৭০ কোটি টকা ব্যয়ৰে ৩০ একৰ মাটিত, নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক স্বয়ংক্রিয় বটলিং প্লান্টটোত বছৰি ২০ লাখ ছিলিণ্ডাৰ গেছ বটলিং কৰা হ’ব ৷

ইয়াৰ পৰা অসম,ত্ৰিপুৰা নাগালেণ্ড আৰু মেঘালয়ৰ ৭৫ টা ডিষ্টিবিউটৰৰ জৰিয়তে গ্ৰাহকক গেছ যোগান ধৰিব বুলি প্ৰকাশ কৰে ৷
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে শেহতীয়াকৈ ভাৰতক যথেষ্ট গেছৰ প্ৰয়োজন হৈছে ৷ যাৰবাবে ৫০ শতাংশ গেছ বাহিৰা দেশৰ পৰা আমদানি কৰিবলগীয়া হৈছে ৷ এনে প্ৰেক্ষাপটত গেছ উৎপাদনৰ স’তে জড়িত ভাৰতীয় তিনি অইল কোম্পানীক পৰ্যাপ্ত গেছ উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সম্প্রতি ৫০ শতাংশ গেছ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। সেয়ে প্ৰতিটো কোম্পানীক তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিবলৈ কোৱা হৈছে।

অনুষ্ঠানত এইছ পি এলৰ চি এম ডি পুষ্প কুমাৰ যোশী, এল পি জিৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক অনুজ কুমাৰ জৈন সহ কেইবা গৰাকী জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে ৷

Exit mobile version