Guwahati murder :বিহুৰ আনন্দ উছাহৰ মাজতেই মহানগৰীত দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ড

WhatsApp Image 2023 04 16 at 1.09.12 PM

Guwahati murder :

বিহুৰ আনন্দ উছাহৰ মাজতেই শনিবাৰে মহানগৰীৰ সংঘটিত হয় দুটাকৈ হত্যাকাণ্ড ৷ এটা ঘটনা সংঘটিত হয় মালিগাঁও ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা বিহুতলীত ৷ ছুৰীৰে হানি-খুচি হত্যা এজন যুৱকক ৷ নিহত যুৱকজনক সীমান্ত তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে ৷
ভৃগু কাশ্যপৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা ৷ এদল উদণ্ড যুৱকৰ সৈতে বিহুতলীত কাজিয়াৰ সৃষ্টি হয়  ৷ ইয়াৰ মাজতে উদণ্ড যুৱকৰ দলটোৱে চুৰিৰে আক্ৰমণ কৰে সীমান্তক ৷

ফলত তেজেৰে তুমৰলি হৈ মাটিত পৰি যায় সীমান্ত ৷ পাছত সংকটজনক অৱস্থাত স্থানীয় লোকে ততাতৈয়াকৈ জি এম চি এইছলৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সীমান্তৰ ৷

ইতিমধ্যে ঘটনাৰ খৱৰ পাই জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিশাই উদণ্ড যুৱকৰ দলটোৰ ৰাহুল বৈশ্য নামৰ যুৱক এজনক আদিংগিৰিৰ পৰা আটক কৰিছে যদিও আনকেইজন যুৱক পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে হত্যাকাণ্ডৰ স’তে জড়িত যুৱক কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে মহানগৰীৰ বেলতলাতো শনিবাৰে বিহুৰ উছাহ-উদ্দীপনাৰৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।অচিনাক্ত দুৰ্বৃত্তই এজন লোকক হত্যা কৰি মৃতদেহ ওলমাই থৈ যায় এজন লোকৰ ঘৰৰ গেটত ৷

বেলতলাৰ সৌৰভনগৰত সংঘটিত নৃশংস ঘটনাৰ পাছত আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তি জনক সুবল দেৱবাৰ্মা বুলি চিনাক্ত কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷

শনিবাৰৰ দিনটোতে স্মাৰ্ট আৰক্ষী গিজগিজাই থকা মহানগৰীত দুটাকৈ সংঘটিত নৃশংস হত্যাকাণ্ডই মহানগৰবাসীক কৰি তুলিছে ত্ৰস্তমান ৷

Exit mobile version