Bokajan Police Recovered Heroin :  বোকাজানৰ শান্তিপূৰত তিনি কোটি টকাৰ হেৰ’ইন জব্দ

1a9469c8 8c72 42af 9a3e a2f7fcaf0c77

Bokajan Police Recovered Heroin :

বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাস আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন বৰুৱাৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী অভিযান।

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খকৰাজান নাকা তালাচীত ৫৪ চাবোনৰ বাকচত ৬৮৭.২৬ গ্ৰাম নিষিদ্ধ হেৰ’ইন সহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । সৰ্বৰাহকাৰী দুজন ক্ৰমে বৰপেটাৰ আব্দুল বাচীৰ ভূঞা আৰু ছাফিকুল ইছলাম।

জব্দকৃত হেৰ’ইন খিনি AS 15 AC 5442 নম্বৰৰ এখন টাটা যোদ্ধা গাড়ীত দেছৱৰ্ডৰ ভিতৰত ভৰাই ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ চেষ্টা কৰিছিল ।

Exit mobile version