Kamrup :
কামৰূপ গ্ৰাম্য জিলাৰ বৰডাঙ্গেৰীকুছি গাওঁৰ এগৰাকী ভেন্সাৰ শিক্ষকৰ একমাত্ৰ পুত্ৰ জটিল ৰোগ আক্ৰান্ত হোৱাত পৰিয়ালটোৱে সম্মুখত দেখিছে কেৱল অন্ধকাৰ।
গাওঁখনৰ প্ৰবীণ কুমাৰ নাৰ্জাৰীৰ পুত্ৰ ৰণিপ নাৰ্জাৰী আক্ৰান্ত হৈছে তেজৰ জটিল ৰোগত। বাগসা জিলাৰ গোৰেশ্বৰৰ চানজাবৌৰালী চৌলৌংচালিৰ দশম শ্ৰেণীৰ ছাত্ৰজনৰ জটিল ৰোগ ধৰা পৰে যোৱা মাহত ।
ফেব্ৰুৱাৰীৰ মাহৰ পৰা চলি থকা কাহ জ্বৰ আদিত দুৰ্বল হৈ পৰা চিকিৎসকৰ কাষ চপাত ধৰা পৰিছে দুৰাৰোগ্য ৰোগ। আৰ্থিক ভাৱে তেনেই পিচপৰা প্ৰবীণ কুমাৰ নাৰ্জাৰী এখন ভেন্সাৰ এমই বিদ্যালয়ৰ শিক্ষক।
প্ৰবীণ কুমাৰ নাৰ্জাৰী বিটিচিৰ গোৰেশ্বৰ সমষ্টিৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম এমই স্কুল শিমলীবাৰীৰ হিন্দী শিক্ষক। বিদ্যালয়খন যোৱা ২০২১ চনত প্ৰাদেশিকীকৰণ হয় যদিও এমই স্কুল হিন্দী পদ সমূহ প্ৰাদেশিকীকৰণ নকৰাত আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে পিতৃ প্ৰবীণ কুমাৰ নাৰ্জাৰী।
ইপিনে একমাত্ৰ পুত্ৰৰ এই ৰোগ হোৱাত মানসিকভাৱে ভাগি পৰা পৰিয়ালটোত ওচৰ চুবুৰীয়াই কিছু সহায় কৰি চেন্নাইৰ এপ’ল হাস্পাতাললৈ চিকিৎসাৰ বাবে লৈ গৈছে।
প্ৰাদেশিকৰণৰ পৰা বঞ্চিত পিতৃৰ বাবে এতিয়া পৰিয়াল চলোৱাত কষ্ঠসাধ্য হৈ উঠাৰ সময়তে পুনৰ পুত্ৰৰ জটিল ৰোগে দোমোজাত পেলাইছে পিতৃ-মাতৃক। একমাত্ৰ পুত্ৰত জীয়াই ৰাখিবলৈ পৰিয়ৈলটোৱে এতিয়া বিচাৰিছে ৰাইজৰ সহায় সহযোগিতা।
একমাত্ৰ সন্তান ৰণিপক বৰ্তমান চেন্নাই এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ। সেয়েহে স্বাস্থ্য তথা মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে স্থানীয় বিধায়কৰো সহায় বিচাৰিছে পৰিয়ালোটোৱে।
কোনো সদাশয় লোকে ৰণিপক সহায় কৰিব বিচাৰিছে পৰিয়ালৰ ধৰ্মৰাজ বড়োৰ 8011421465 নম্বৰত গুগল পে কৰি নতুবা ইউকো বেংকৰ একাউন্ট নম্বৰ ২৬৩৪০১১০০০২৯৪০ আইএফএচচি কোড- ইউচিবিএ০০০২৬৩৪ নম্বৰ সহায় আগবঢ়াবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।
পৰিালৰ যোগাযোগ নম্বৰ-7086758377. আপোনাৰ অকণমাান সহায়ে ৰণিপ নাৰ্জাৰী নতুন জীৱন দিব পাৰে।