Assam loksabha Seat In Bjp :অসমৰ কেন্দ্ৰীয় মন্ত্ৰী-ৰাষ্ট্ৰীয় নেতাও এইবাৰ বঞ্চিত হ’ব বিজেপিৰ প্রার্থিত্ব লাভৰ পৰা !

ছয় সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তনক লৈ চৰ্চা

16f84db6 9e37 459e bb07 39c4d2ebc894

Assam loksabha Seat In Bjp :

অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানৰ সমষ্টিৰ আধাৰতে শাসকীয় বিজেপিয়ে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। এনে প্রস্তুতি আন আন দলবোৰেও আৰম্ভ কৰিছে। ইতিমধ্যে নির্বাচন আয়োগে সদৰী কৰা অনুসৰি, অসমত সমষ্টি পুনৰ নিৰ্ধাৰণত এইবাৰ সমষ্টিৰ সংখ্যাৰ কোনো হৰণ-ভগন নহয়।

কেবল চাৰিসীমাৰহে সাল- সলনি হ’ব। বিজেপিয়ে এই মৰ্মে একপ্ৰকাৰ যুদ্ধংদেহি ৰূপত ধাৰাবাহিক কাৰ্যসূচীৰে নিৰ্বাচনী প্রস্তুতি অব্যাহত ৰাখিয়ে সূত্ৰত প্ৰকাশ যে দলৰ লক্ষ্য ৰাজ্যত এইবাৰ পূৰ্বতকৈ অধিক আসন দখল কৰাটো। সূত্ৰটোৰে জনোৱা মতে, প্রার্থিত্বৰ ক্ষেত্ৰত দলে আপোচবিহীন নীতি অবলম্বন কৰিছে।

নির্বাচনী বিজয় নিশ্চিত কৰাৰ সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীকহে দলীয় প্রার্থিত্ব প্ৰদান কৰা হ’ব বুলি সূত্ৰটোৱে কয়। সেয়ে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্রী-সাংসদেও যে আগন্তক নিৰ্বাচনত পুনৰ প্রার্থিত্ব লাভ কৰিব তাক লৈ নিশ্চিত নহয়। মন কৰিবলগীয়া যে অসমত ২০১৯ৰ লোকসভা নিৰ্বাচনত কেবাজনো সাংসদ আৰু কেন্দ্ৰীয় মন্ত্রীকো প্রার্থিত্ব প্ৰদান কৰা নহ’ল।

এইবাৰো তেনে নীতি গ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে দলীয় মঞ্চতো চর্চা আৰম্ভ হৈছে। এই চৰ্চাত নাম উচ্চাৰিত হৈছে কমেও ছজন সাংসদৰ। ইয়াৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় পদবীধাৰী নেতাও আছে। এই প্ৰসংগতে দলৰ শীৰ্ষ ৰাজ্যিক নেতাই ‘দৈনিক অগ্রদূত ‘ক কয় যে বিজেপিৰ নির্বাচনী নীতি অনুসৰি বৰ্তমানৰ মন্ত্ৰীয়েও যে পৰৱৰ্তী নিৰ্বাচনত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিব তাৰ কোনো নিয়ম নাই।

একেদৰে দলীয় পর্যায়তো প্রভাবশালী হ’লেই যে প্রার্থিত্ব পাব তেনে কথাও নহয়। দলৰ এই নীতি প্ৰতিটো নির্বাচনতে প্ৰতিফলিত হৈ আহিছে বুলি নেতাজনে কয়। কাৰ কাৰ নাম চৰ্চালৈ:অসমত প্রার্থিত্ব নোপোৱাৰ সম্ভাৱনাক লৈ অব্যাহত থকা চৰ্চা নামসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে মঙলদৈৰ সাংসদ দিলীপ শ‍ইকীয়া।

বিগত লোকসভা নিৰ্বাচনত শ‍ইকীয়াই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল। তদুপৰি তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। এনে এটা প্ৰভাৱশালী পদৰ দায়িত্বত থাকিও আগন্তুক নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সুযোগ শ‍ইকীয়াই লাভ নকৰাৰ সম্ভাৱনা অধিক। সূত্ৰত প্রকাশ যে সমষ্টি পুনৰ নিৰ্ধাৰণত মঙলদৈ সমষ্টিটোৰ নাম সলনি হোৱাৰ সম্ভাৱনা আছে। তদুপৰি সমষ্টিৰ চাৰিসীমাও সলনি হ’ব।

অৱশ্যে কোনো বৃহৎ সালসলনি সমষ্টিটোত নহ’ব। এই পৰিৱেশত বৰ্তমানৰ মঙলদৈ সমষ্টিক লৈয়ে বিজেপিয়ে নির্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। সূত্ৰটোৱে কয় যে শ‍ইকীয়াক প্রার্থিত্ব প্ৰদানৰ পৰিৱৰ্তে সমষ্টিটো মিত্রদল অসম গণ পৰিষদক এৰি দিয়াৰ সম্ভাবনা অধিক। ইতিমধ্যে অগপয়ো এই সমষ্টিৰ দাবীদাৰ হৈ দলীয় সভা অনুষ্ঠিত কৰিছে। আনহাতে, অগপক সমষ্টিটোত নির্বাচনী কাম-কাজ ক্ষিপ্ৰতৰ কৰিবলৈ বিজেপিৰ পৰাও পৰামৰ্শ দিয়া হৈছে।

প্রার্থিত্ব লাভ নকৰাৰ সম্ভাৱনাৰ তালিকাত নাম আছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰো। দলীয় সূত্ৰত প্ৰকাশ যে তেওঁৰ কাম-কাজক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব সন্তুষ্ট নহয়। সেয়ে একাধিক জৰীপ সম্পন্ন কৰি তেলীৰ বিকল্প প্ৰাৰ্থীৰ সন্ধান দলে অব্যাহত ৰাখিছে।

একে সময়তে তেজপুৰৰ সাংসদ পল্লৱলোচন দাস আৰু যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈৰো প্ৰাৰ্থিত লাভৰ সম্ভাৱনা অতি ক্ষীণ বুলি সূত্ৰত প্ৰকাশ। অৱশ্যে তেওঁলোক দুয়ো ব্যক্তিগতভাবেও লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইচ্ছুক নহয় বুলিও দলীয় মহলত চৰ্চা চলিছে। সাংসদ হৈ দেশৰ সংসদৰ মজিয়া গৰকিবলৈ সক্ষম হ’লেও ৰাজনৈতিক জীৱনত অধোমুখী গতিহে কৰা বুলি দুয়োজনে অনুভৱ কৰাৰ কথা ঘনিষ্ঠ সূত্ৰত প্ৰকাশ।

পদ্মলোচনে ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰ আগত কে’বাবাৰো আক্ষেপেৰে কৈছে যে তেওঁলোকে প্রয়োজন হ’লে নির্বাচনেই নেখেলিব তথাপি পুনৰ লোকসভাৰ প্রার্থী নহয়। সাংসদ হোৱাৰ ফলত স্থানীয় পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক গুরুত্ব শোচনীয়ভাৱে অৱনমিত হোৱা বুলিও দুয়োজনে প্ৰকাশ কৰিছে। অৱশ্যে পদ্মবলোচন আৰু গগৈৰ কাম- কাজক লৈ দলৰ নেতৃত্বও সুখী নহয়।

ইপিনে, গগৈৰ ৰাজ্যিক ৰাজনীতিৰ প্ৰতিহে অধিক আকর্ষণ আছে বুলিও ঘনিষ্ঠ মহলৰ চৰ্চা। আনকি দিছপুৰৰ এটা পক্ষয়ো তেওঁক ৰাজ্যিক ৰাজনীতিলৈ ওভতাই আনিব বিচাৰে বুলিও ঘনিষ্ঠ মহলে দাবী কৰে। ইপিনে, পুনৰ প্রার্থিত্ব নোপোৱাৰ তালিকাত আছে ডাঃ ৰাজদ্বীপ ৰয়ৰ নামো ।

অসমৰ বৰ্তমানৰ বিজেপিৰ সাংসদসকলৰ ভিতৰত বিফলতাৰ ক্ষেত্ৰত আগত থকাসকলৰ অন্যতমৰূপে ডাঃ ৰয়ৰ নাম দলৰ মজিয়াতে চৰ্চা হৈ আহিছে। আনকি ৰাজ্যিক বিজেপিয়ে অৰ্পণ কৰা দলীয় দায়িত্ব পালনতো ৰয় আশা কৰা ধৰণে সফল নোহোৱা বুলি বিভিন্ন সময়ত অনুষ্ঠিত পর্যালোচনা বৈঠকবোৰত মন্তব্য কৰা হৈছে।

এনে বিফলতাৰ বাবেই ৰয়ে এইবাৰ পুনৰ প্রার্থিত্ব লাভ নকৰে বুলি চৰ্চা চলিছে। ব্যৰ্থ সাংসদৰ তালিকাত নাম আছে প্ৰদান বৰুৱাৰো। পুনৰ প্ৰাৰ্থিত্ব আশা কৰা নাই বুলি লখিমপুৰৰ সাংসদজনে ঘনিষ্ঠ মহলত প্ৰকাশ কৰিছে। যোগ্য প্রার্থীৰ সন্ধান: ২০১৯৩ নটা সমষ্টি দখল কৰা বিজেপিয়ে এইবাৰ মিত্ৰদলৰে মিলি ন্যূনতম ১২টা সমষ্টি দখলৰ লক্ষ্য লৈছে।

গতিকে নির্বাচন জয়ৰ বাবে আনুষংগিক দিশবোৰত যিদৰে দলটো জঁপিয়াই পৰিছে, তাৰ সমান্তৰালকৈ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো সর্বোচ্চ গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই জনাই যে ৰাজ্যক নিজাববীয়াকৈ উপযুক্ত প্ৰাৰ্থীৰ সন্ধান চলোৱাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় নেতৃত্বই দিছে।

কিন্তু এয়াই শেষ নহয়। সূত্ৰটোৱে কয়, ‘আমি স্পষ্টকৈ নাজানিলেও এই কথা গম পাওঁ যে একাধিক এজেন্সীয়ে আমাৰ দলৰ ৰাষ্ট্ৰীয় স্তৰৰ পৰা বিভিন্ন ধৰণৰ জৰীপ অসমত চলাই আছে। অতি গোপনীয় এই জৰীপত প্ৰাৰ্থীৰ সন্ধানো কৰা হৈছে। আমাক দিয়া দায়িত্বতো যিবোৰ দিশ চোৱা হৈছে তাৰ ভিতৰত প্ৰাৰ্থী বাছনি অন্যতম।’

Exit mobile version