CAG Report In Assam :লুণ্ঠনৰ ঘটনা গাপ দিয়াৰ চেষ্টা ভিন্ন বিভাগৰ চৰকাৰী পুঁজি জধে মধে আত্মসাত তথ্য উন্মোচন

কেগৰ প্ৰতিবেদনত বিগত ১০ বছৰত ১১১ কোটি টকা চৰকাৰী পুঁজি চুৰি

162c283c f12f 4904 ac69 11db248259f9

CAG Report In Assam :

দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতি আওৰাই থকাৰ সময়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন আঁচনিৰ পুঁজি জধে মধে আত্মসাত প্রৱণতা বৃদ্ধি পাইছে। বিগত সময়ছোৱাত ৰাজ্যখনত এনেদৰে ধন আত্মসাৎ কৰি হিচাপ দাখিল কৰিব নোৱাৰা পুঁজিৰ পৰিমাণ ১৪২.৯ কোটি টকালৈ বৃদ্ধি পাইছে।

২০২২ৰ মাৰ্চলৈ এই বৃহৎ অংকৰ ধন আত্মসাতৰ ঘটনা ধৰা পৰাৰ পাছতো ৰাজকোষৰ পুঁজি লুণ্ঠন কৰাপক্ষৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পৰা বিৰত আছে ৰাজ্য চৰকাৰ। লক্ষ্যণীয় যে ৰাজ্যৰ বিভিন্ন বিভাগত মুঠতে ৩৩৯ টা ৰাজকোষৰ পুঁজি আত্মসাতৰ ঘটনা উন্মোচিত হৈছে।

কোনো বিষয়া-কৰ্মচাৰীয়ে নিৰ্দিষ্ট আঁচনিৰ বিপৰীতে আবণ্টিত পুঁজি আত্মসাৎ কৰাটো বিভাগীয় তদন্তত ধৰা পৰাৰ পাছতো ৰাজ্য চৰকাৰে এই পর্যন্ত মাথোঁ ২২ টা আত্মসাতৰ ঘটনাৰ বিরুদ্ধেহে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

ৰাজকোষৰ পৰা কোনো হিচাপ অবিহনে ঊর্ধ্বতন কর্তৃপক্ষই ধন মোকলাই নি আত্মসাৎ কৰাৰ এই ঘটনাসমূহক স্বয়ং চৰকাৰে গাপ দি থ’ব বিচৰাৰ বিষয়টো শেহতীয়াকৈ ৰাজহুৱা কৰিছে ভাৰতৰ মহাহিচাপ আৰু গাণনিকৰ প্রতিবেদনে।

শেহতীয়াকৈ প্রকাশিত কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে আবণ্টিত পুঁজিৰ পৰা একাংশ পক্ষই বৃহৎ অংকৰ ধন মোকলাই নি আত্মসাৎ কৰাৰ বিষয়টো ধৰা পৰাৰ পাছতে কেগে সংশ্লিষ্ট বিভাগসমূহলৈ। ‘ইয়াৰ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু ধন আত্মসাতৰ বিষয়ত কেগৰপত্ৰৰ উত্তৰ নিদিলে কোনো এটা বিভাগেই।

আনকি ৰাজ্য চৰকাৰে এই বিষয়টোক লৈ যে উদ্বিগ্ন নহয়, সেই কথাও স্পষ্ট হৈ উঠিছে কেগৰ প্ৰতিবেদনত। বিগত ১০ টা বছৰত প্ৰায় ১১১ কোটি টকা আত্মসাৎ হ’ল যদিও ৰাজ্য চৰকাৰে ইয়াৰে ভিতৰত মাথো ৬.৬৩ কোটি টকা আত্মসাৎ কৰা ২২ টা ঘটনাৰ বিপৰীতেহে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

অর্থাৎ বাকী আত্মসাতৰ ঘটনাসমূহক চৰকাৰে গাপ দিব বিচাৰিছে বুলি স্বয়ং কেগৰ প্রতিবেদনতে ইংগিত দিয়া হৈছে। প্ৰতিবেদনত ভাৰতৰ মহাহিচাপ পৰীক্ষকে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াইছে যাতে এতিয়াও ধন আত্মসাতৰ এই গোচৰসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ ব্যৱস্থা গ্রহণ কৰে।

মূলতঃ ৰাজকোষৰ পৰা পোনপটীয়াকৈ ধন চুৰি, ধনৰ অপব্যৱহাৰ আৰু ৰাজকোষক লোকচানৰ সন্মুখীন কৰি পুঁজি ব্যৱহাৰৰ এনেবোৰ ঘটনাই এফালে যিদৰে ৰাজ্যৰ অৰ্থনীতি দুৰ্বল কৰি তুলিব ঠিক তেনেদৰেই দুৰ্নীতি গ্ৰস্তক প্রশ্রয় দিয়াহে হ’ব বুলি কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

লক্ষ্যণীয় যে বিগত ১০ টা বছৰত ৰাজ্যখনত ৰাজকোষৰ পৰা হ’লুকি হোৱা ১১১.২৯ কোটি টকা চুৰি হোৱা বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে কেগৰ প্ৰতিবেদনত। বিত্ত বিভাগৰ গা এৰা দিয়া মনোভাৱৰ পৰিণতিতে এনেদৰে ৰাজ্যৰ কৰদাতা ৰাইজৰ পৰা সংগৃহীত এই বৃহৎ অংকৰ পুঁজি নিৰ্দিষ্ট কিছুসংখ্যক ব্যক্তি বিশেষে আত্মসাৎ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Exit mobile version