Fifty Children Fall Ill In Dobka : উৎকট গৰমে দহিছে ৰাজ্যবাসীক

গৰমৰ লগে লগে আহিছে নানান বেমাৰ

670800cf c1d0 45d5 85b2 a6b5750ab05d

Fifty Children Fall Ill In Dobka :

বহাগৰ পহিলা দিনটোৰ পৰা আৰম্ভ হোৱা উৎকট গৰমে এক প্ৰকাৰ জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক ৷ প্ৰচণ্ড গৰমৰ বাবে ৰাজ্য কেতবোৰ অঞ্চলত সোঁচৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে ৷

শেহতীয়াকৈ উৎকট গৰমৰ বাবেই হোজাই জিলাৰ ডবকাৰ অস্থায়ী আশ্রয় শিবিৰত অৰ্ধ শতাধিক কণমানি শিশু হঠাতে হৈ পৰিছে অসুস্থ ৷ শৌচ, বমি, মূৰ ঘূৰণিত আক্রান্ত হৈছে শিশুকেইটা ।

আক্রান্ত হোৱা শিশু কেইটিৰ বয়স ডেৰ বছৰৰ পৰা ছবছৰৰ ভিতৰত । ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে অসুস্থ শিশুকেইটাক এম্বুলেন্সেৰে নিয়া হৈছে চিকিৎসালয়লৈ ৷

চিকিৎসকে সন্দেহ কৰা মতে, অস্থায়ী শিৱিৰৰ লেতেৰা পৰিবেশ আৰু অতিমাত্ৰা গৰমৰ বাবেই শিশু সকল অসুস্থ হৈ পৰিছে ৷

Exit mobile version