Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

প্রাঞ্জলসেন ডেকা

publisher by publisher
April 19, 2023
in Opinion
Reading Time: 4 mins read
0
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
2
SHARES
18
VIEWS
ShareShareShareShare

Opinion :

দুর্নীতিক কেন্দ্ৰ কৰি এই দেশত এক আজৱ খেল চলিছে। যেন দুৰ্নীতিৰ বিৰোধিতাৰ নামত চেম্পিয়ন হোৱাৰ প্ৰতিযোগিতা! কোৱা বাহুল্য যে এনে সকলো পদক্ষেপ লোৱা হৈছে কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যেহে। প্রকৃততে দুর্নীতি প্ৰতিৰোধৰ ক্ষেত্ৰত কাৰোৱেই কোনো সদিচ্ছা নাই; বৰঞ্চ নিজ নিজ কৌশলেৰে ইয়াৰ উদগনিহে যোগাই আহিছে।

ADVERTISEMENT

শেহতীয়া কেতবোৰ ঘটনাই ইয়াক অধিক স্পষ্ট ৰূপত দাঙি ধৰিছে। আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এই দেওবাৰে চিবিআয়ে সুৰা নীতি গ্ৰহণত দুর্নীতি-অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি ৰুজু কৰা গোচৰত সুদীৰ্ঘ ন ঘণ্টা ধৰি জেৰা কৰিছে। ইয়াৰ পূৰ্বে একেটা গোচৰতে কেজৰিৱালৰ বিশ্বস্ত সহযোগী তথা দলৰ দ্বিতীয় স্থানত অধিষ্ঠিত নেতা মনীষ ছিছ’ডিয়াক প্ৰথমে জেৰা আৰু পাছত গ্ৰেপ্তাৰ কৰিছে।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছিছ’ডিয়াৰ পূৰ্বে ধনৰ অবৈধ লেনদেনৰ বহু এক পুৰণি গোচৰত কেজৰিৱালৰ স্বাস্থ্যকে ধৰি কে’বাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বপ্রাপ্ত মন্ত্রী সত্যেন্দ্ৰ জৈনক প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ গ্ৰেপ্তাৰ কৰি কে’বামাহ কাৰাবন্দী কৰি থৈছে। কেজৰিৱাল আৰু ছিছ’ডিয়াৰ পাছতে দলত জৈনৰ স্থান আছিল।

এনেদৰে তিনি নম্বৰ আৰু দুই নম্বৰ নেতাদ্বয়ক গ্ৰেপ্তাৰৰ পাছত এক নম্বৰ অৰ্থাৎ কেজৰিৱালক গ্ৰেপ্তাৰৰ কৌশল ৰচনা কৰা হৈছে বুলি আম আদমী পাৰ্টিৰ লগতে অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিবিআইৰ চমন লাভৰ পাছতে এক সংবাদমেলত প্রধানমন্ত্রীক প্রত্যাহ্বান জনাই কেজৰিৱালে কৈছে যে তেওঁ যদি চোৰ, তেন্তে পৃথিৱীত আৰু কোনো নিকা ৰাজনীতিক নাই।

ইয়াৰ বিপৰীতে দুর্নীতিত লিপ্ত হৈ এতিয়া গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ কেজৰিৱালে ষড়যন্ত্ৰৰ ভূত খেদিছে বুলি কটাক্ষ কৰিছে বিজেপিয়ে।আম আদমী পাৰ্টিৰ উত্থানে যে বিজেপি, কংগ্রেছকে ধৰি বহু ৰাজনৈতিক দলৰ দৃষ্টি কাঢ়িছে তাত সন্দেহ নাই। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত কেজৰিৱালে গঠন কৰা আম আদমী পাৰ্টিয়ে বিভিন্ন কঠোৰ প্ৰত্যাহ্বানৰ মাজতো নিজৰ শক্তি আৰু ভেটি বৃদ্ধি কৰি যাবলৈ সক্ষম হৈছে।

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয়ে সর্বশক্তি প্রয়োগ কৰিও দিল্লী বিধানসভাৰ একেৰাহে দুটাকৈ নিৰ্বাচনত আম আদমীৰ হাতত মুখ থেকেচা খাবলগীয়া হৈছে। দিল্লীৰ পাছত পঞ্জাৱৰ ক্ষমতা দখল কৰি দলে দেশৰ ৰাজনীতিত চমক সৃষ্টি কৰিছে৷ ইয়াৰ উপৰি গুজৰাট প্ৰমুখ্যে আন কে’বাখনো ৰাজ্যলৈ দলৰ ভেটি সম্প্ৰসাৰিত কৰি শেহতীয়াভাৱে আম আদমীয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদাও লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাজনৈতিকভাৱে মোকাবিলাত ব্যৰ্থ হৈ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত দিল্লীৰ চৰকাৰক পর্যুদস্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্রতিদিনেই বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। কেজৰিৱাল চৰকাৰৰ প্ৰতিটো পদক্ষেপতে কেন্দ্ৰৰ দ্বাৰা নিয়োজিত উপ-ৰাজ্যপালে দুৰ্ভাগ্যজনকভাৱে বাধা প্ৰদান কৰি আহিছে।

তৎসত্ত্বেও কেজৰিৱাল অথবা আম আদমী পার্টিক বলাবলৈ সক্ষম হোৱা নাই। সেয়েহে দলৰ এজন এজনকৈ শীর্ষ নেতাক গ্ৰেপ্তাৰ কৰি আম আদমীৰ ৰাজহাড় ভাঙি পেলাবলৈ কৌশল ৰচনা কৰা হৈছে। তাৰেই অংশৰূপে এইবাৰ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলেও বিশেষ আচৰিত হ’বলগীয়া একো নাথাকিব।

দেশৰ আইন অনুসৰি, যিকোনো দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটোৱে বাঞ্ছনীয়; কিন্তু শেহতীয়া সময়ছোৱাত দুর্নীতি-অনিয়মৰ অভিযোগ কেৱল বিৰোধী নেতাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা দেশবাসীয়ে প্রত্যক্ষ কৰি আহিছে। ইয়াৰ বিপৰীতে বিজেপি অথবা আন দলৰ পৰা আহি এই দলত চামিল হোৱা নেতাসকলৰ বিৰুদ্ধে তেনে অভিযোগ মুহূর্ততে নাইকিয়া হৈ পৰিছে।

আম আদমী পাৰ্টিৰ নেতাসকলৰ ক্ষেত্ৰতো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে বিশ্বাসযোগ্যভাৱে দেশবাসীৰ সন্মুখত তেওঁলোকৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ সম্পৰ্কত তথ্য-প্রমাণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। অলপতে দিল্লী বিধানসভাৰ অধিবেশনত দিয়া ভাষণত মুখ্যমন্ত্ৰী কেজৰিৱালে স্পষ্টভাৱে মন্তব্য কৰে যে আদানী গোষ্ঠীত ভুৱা কোম্পানীৰ মাধ্যমত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকা আন কাৰো নহয়, বৰঞ্চ সেয়া প্রধানমন্ত্রী মোদীৰহে দুৰ্নীতিৰ টকা।

এই সম্পৰ্কত তেওঁ আৰু কেতবোৰ ভাষ্য দাঙি ধৰে যিয়ে প্রধানমন্ত্ৰীৰ লগতে কেন্দ্ৰৰ বৰমূৰীয়াসকলক ক্ষুণ্ণ কৰি তোলাই স্বাভাৱিক। লক্ষ্যণীয়ভাৱে এই ভাষণৰ পাছতে দলৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে আগজাননী দিয়ে যে এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা গ্ৰেপ্তাৰ হ’বলগীয়া ৰাজনীতিকৰ তালিকাত কেজৰিৱালৰ নামটোও অন্তর্ভুক্ত হ’ল।

শেহতীয়াভাৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত ২০২৪ লোকসভা নির্বাচনলৈ লক্ষ্য ৰাখি বিৰোধী ঐক্য গঢ়ি তোলাৰ প্ৰচেষ্টা পুনৰ আৰম্ভ হৈছে। এই সম্পৰ্কত বিভিন্ন দলৰ স’তে প্ৰাৰম্ভিক আলোচনা সম্পন্ন হৈছে। এই প্রচেষ্টালৈ আম আদমী আৰু কেজৰিৱালে ইতিবাচক সঁহাৰি দিয়াটো লক্ষ্যণীয়।

নতুন ফর্মূলা অনুসৰি, যি দলৰ যি ৰাজ্যত আধিপত্য আছে সেই ৰাজ্যত সেই দলকে অধিক আসনত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ দিয়া হ’ব। এনেদৰে বিজেপিৰ বিৰুদ্ধে সামগ্ৰিকভাৱে বিৰোধীৰ এজন মাত্র প্রতিদ্বন্দ্বী থিয় কৰোৱা হ’ব; অর্থাৎ ২০২৪ৰ যুঁজ ১ঃ১ অনুপাতত অৱতীৰ্ণ হ’বলৈ বিৰোধীয়ে কৌশল ৰচনা কৰিছে।

যদিও এই সম্পর্কত চূড়ান্ত সিদ্ধান্ত হ’বলৈ বাকী আছে, তথাপি ইয়াকে লৈ ইতিমধ্যে ৰাজনৈতিক মহলত হিচাপ-নিকাচ আৰম্ভ হৈছে। সম্প্রতি লোকসভাত আম আদমী পাৰ্টিৰ এজনো সদস্য নাই। দলৰ একমাত্ৰ লোকসভাৰ সাংসদ ভগৱন্ত সিং মানে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পাছত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত দলৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ পৰিপ্ৰেক্ষিতত আম আদমী লোকসভাত প্রতিনিধিত্বহীন হৈ পৰে।

যদিহে ঐক্যবদ্ধ বিৰোধীৰ কৌশল ৰূপায়ণ হয়, তেন্তে দিল্লী আৰু পঞ্জাৱৰ অধিকাংশ লোকসভা আসনতে কেজৰিৱালৰ দলে প্রতিদ্বন্দ্বিতাৰ সুযোগ লাভ কৰিব৷ তাৰ জৰিয়তে দলে লোকসভাত আসন সংখ্যা বৃদ্ধি কৰিবলৈ সুযোগ পাব। অৱশ্যে কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি ভূমিষ্ঠ হোৱা আম আদমী পুনৰ কংগ্ৰেছৰ স’তে জোঁটবন্ধনত চামিল হ’লে সমালোচনাৰ পাত্ৰ নোহোৱাকৈ নাথাকিব; কিন্তু সাম্প্ৰতিক জোৰা-টাপলিৰ নিৰ্বাচনী ৰাজনীতিত এনেবোৰ বিষয়ে কিমান দূৰ প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এনে পৰিপ্ৰেক্ষিতত আগন্তুক সময়ছোৱাত আম আদমী পার্টি অধিক শক্তিশালী হোৱাৰ সম্ভাৱনাই অধিক। আনকি অদূৰ ভৱিষ্যতে কেজৰিৱাল প্রধানমন্ত্রী পদৰ শক্তিশালী দাবীদাৰৰূপে পৰিগণিত হ’ব বুলিও একাংশ ৰাজনৈতিক পর্যবেক্ষকে দাবী কৰে। গতিকে সেই কথালৈ লক্ষ্য ৰাখিয়ে দলৰ এই যাত্ৰা ইমানতে অৱদ্ধ কৰিবলৈ বিজেপি উঠি-পৰি লাগিছে।

বিগত সময়ছোৱাত সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ সফলতাৰে মোকাবিলা কৰাৰ লেখীয়াকৈ সাম্প্ৰতিক বাধাকো কেজৰিৱাল আৰু তেওঁৰ দলে অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি সমর্থকসকলে আশা কৰে। এইখিনিতে প্রশ্ন উত্থাপন হয় যে এনেদৰে বিৰোধী নেতাক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ দ্বাৰা জেৰা-তালাচী-গ্ৰেপ্তাৰ আদিৰ জৰিয়তে হাৰাশাস্তি কৰি বিজেপিয়ে নিজৰ শাসন ক্ষমতা এদনীয়া কৰাত কিমান দিনলৈ সফল হ’ব?

২০২৪ত একেৰাহে তৃতীয়টো নিৰ্বাচনত জয়লাভ কৰিবলৈ বিজেপি মৰিয়া হৈ উঠিছে। তাৰ বাবে যিকোনো পর্যায়লৈ নামিবলৈ যে কোনো দ্বিধাবোধ নকৰে, ইতিমধ্যে তাৰ স্পষ্ট ছবি পৰিস্ফুট হৈছে; কিন্তু বিৰোধী নেতাৰ দুৰ্নীতিক লৈ তৎপৰ হৈ উঠিলেও শেহতীয়াভাৱে আন বাদেই, স্বয়ং প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধেই বিজেপিৰে প্ৰবীণ নেতা তথা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে যি বিস্ফোৰক তথ্য দাঙি ধৰিছে, সি এই দুৰ্নীতিবিৰোধী অভিযানক হাঁহিৰ খোৰাকলৈ ৰূপান্তৰিত কৰিছে।

বিহাৰ, জম্মু-কাশ্মীৰ, গোৱা আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল মালিকে সম্প্রতি এক সাক্ষাৎকাৰত দৃঢ়তাৰে মন্তব্য কৰিছে যে দুর্নীতিক লৈ প্রধানমন্ত্রী মোদীৰ কোনো ওজৰ-আপত্তি নাই। এই প্ৰসংগতে তেওঁ একাধিক তথ্যও প্ৰকাশ কৰিছে। মালিকে কয় যে স্বয়ং প্রধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’)ৰ পৰাই দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য তেওঁ মোদীৰ সন্মুখত দাঙি ধৰিছে।

পিএমঅ’ৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্র সিঙে এনে দুর্নীতি সংঘটিত কৰি আহিছে বুলি মালিকে তথ্যসহকাৰে প্ৰধানমন্ত্ৰীক অৱগত কৰায় যদিও তেওঁ এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তেনেদৰেই গোৱাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ বিষয়ে ৰাজ্যখনৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে মালিকে প্রধানমন্ত্ৰীক অৱগত কৰিছিল। এই ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দূৰৰে কথা, বৰঞ্চ তাৰ এসপ্তাহৰ পাছতে তেওঁক গোৱাৰ পৰা মেঘালয়ৰ ৰাজ্যপাল পদলৈ বদলিহে কৰা হয়।

উত্তৰ প্ৰদেশৰ জাঠ সম্প্ৰদায়ৰ প্ৰভাৱশালী ৰাজনীতিক মালিকে কয় যে আদানী গোষ্ঠীৰ দুৰ্নীতিৰে মোদীৰ সম্পৰ্কৰ্ক লৈ উত্থাপিত গুৰুতৰ অভিযোগসমূহৰ ক্ষেত্ৰত সংসদৰ বাহিৰে-ভিতৰে প্ৰধানমন্ত্ৰীয়ে এষাৰিও স্পষ্টীকৰণ দাঙি ধৰিবলৈ সক্ষম নোহোৱাটো লক্ষ্যণীয়।

তদুপৰি আদানীৰ প্ৰতিষ্ঠানত ভুৱা কোম্পানীৰ জৰিয়তে বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকাৰ সম্পৰ্কতো মোদীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে মালিকে। বিজেপি শাসিত ৰাজ্যসমূহত সংশ্লিষ্ট মুখ্যমন্ত্ৰীৰ দ্বাৰা ব্যাপক দুর্নীতি সংঘটিত হৈ অহাৰ কথা উল্লেখ কৰি প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ৰাজ্যসমূহৰ পৰা দিল্লীলৈ অহা দুৰ্নীতিৰ ধনৰ অংশই আদানী গোষ্ঠীত বিনিয়োগ হোৱাৰ ইংগিত দিয়ে।

আদানী গোষ্ঠীৰ স’তে প্রধানমন্ত্রী মোদীৰ বিত্তীয় সম্পৰ্কক লৈ ইতিমধ্যে দেশৰ সৰ্বস্তৰৰ লোকৰ মাজলৈ অতি অশুভ বাৰ্তা গৈছে বুলিও মালিকে মন্তব্য কৰে। ইয়াৰ ফল আগন্তুক নিৰ্বাচনত বিজেপিয়ে ভুগিব লাগিব বুলি তেওঁ লগতে সকীয়াই দিয়ে। ইয়াৰ উপৰি কাশ্মীৰৰ পুলৱামাত ৪০ জন চিআৰপি জোৱানক হত্যা কৰা সন্ত্রাসবাদী আক্রমণ, জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্রত্যাহাৰ আদিকে ধৰি আন কে’বাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে।

বিৰোধী নহয়, শাসকীয় বিজেপিৰে এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্রী প্রমুখ্যে শীর্ষ মহলৰ স’তে অতি ঘনিষ্ঠ ৰাজনীতিকৰূপে পৰিচিত সত্যপাল মালিকৰ এই ভাষ্যই কেন্দ্ৰীয় চৰকাৰৰ দুৰ্নীতিবিৰোধী অভিযানৰ বাকী থকা মুখাখনো খুলি দিলে।

মোদী চৰকাৰ ক্ষমতাধিষ্ঠিত হোৱাৰে পৰাই দুর্নীতিক লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰি অহাটো স্পষ্ট হৈছে। বিগত ন বছৰে তাৰেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটোকে অবিশ্বাসৰ মাজলৈ ঠেলি দিলে। সম্প্রতি দেশবাসীৰ মাজত এনে এক ধাৰণাৰ সৃষ্টি হৈছে যে বিৰোধীত থাকিলেহে দুৰ্নীতিৰ অভিযোগত হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগে।

তাৰ পৰিৱৰ্তে বিজেপিত চামিল হ’লে সকলো ধৰণৰ দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ লাইচেন্স লাভ কৰিব পাৰি৷ এনে কূটকৌশলৰে বিজেপিয়ে হয়তো আৰু এটা নিৰ্বাচনত সফলতা লাভ কৰিব পাৰে; কিন্তু ই ভৱিষ্যতলৈ যে এক ক’লা অধ্যায়ৰ সূচনা কৰি থৈ যাব তাত সন্দেহ নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Opinionপ্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?
Opinion

Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d