Yemen : যুদ্ধবিধ্বস্ত য়েমেনত পদপিষ্ট হৈ মৃত্যু ৮৫ জন

1681958764 new project 2

Yemen :

য়েমেনত (Yemen) ভয়ংকৰ দুৰ্ঘটনা। পদপিষ্ট (Stampedes)হৈ মৃত্যু হয় কমেও ৮৫ জন লোকৰ । এখন বিদ্যালয়ত সাহায্য বিতৰণ কৰোঁতে সংঘটিত হয় এই দুৰ্ঘটনা। বহুতো লোক আহত হৈছিল।

যুদ্ধবিধ্বস্ত য়েমেনত অত্যাধিক দৰিদ্ৰতাই দেখা দিছে যাৰ ফলত খাদ্যৰ অভাৱত বহুতো লোকৰ মৃত্যু হৈছে । সেইকাৰণে ৰমজান মাহৰ শেষত ঈদ উপলক্ষে সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।

হেজাৰ হেজাৰ মানুহ খাদ্য আৰু অন্যান্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ সমবেত হয় আৰু তাতে সংঘটিত হয় এই ভয়াৱহ ঘটনা । স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ঘটনাটো বুধবাৰে য়েমেনৰ ৰাজধানী ছানাৰ পুৰণি চহৰ অঞ্চলত সংঘটিত হয় । স্থানীয় সূত্ৰ অনুসৰি, খাদ্য আৰু কাপোৰৰ উপৰিও, ভুক্তভোগীসকলক পাঁচ হেজাৰ ইয়েমেনী ৰিয়েল (ভাৰতীয় মুদ্ৰাত ৭৫০ টকা) দিয়া হৈছিল।

এই ধনসমূহ যুদ্ধ আৰু মহামাৰীৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে মূল্যৱান আছিল। সেইকাৰণে সকাহ পাবলৈ হেজাৰ হেজাৰ মানুহ সমবেত হয় পুৰণি চহৰ অঞ্চলৰ বিদ্যালয়ত ।এটা সময়ত, ভিৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । প্ৰাণ ৰক্ষা কৰিবলৈ সকলোৱে খৰধৰকৈ বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰে ।

তথ্য অনুসৰি , ঘটনাটোত ৮৫ জন লোকৰ মৃত্যু হয়। বহুতো লোক আঘাতপ্ৰাপ্ত হয় ।” মৃত আৰু আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল। দুৰ্ঘটনাটোৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

য’ত দেখা গৈছে যে বহুতো লোকৰ নিঠৰ দেহ মাটিত পৰি আছে আৰু জীৱিত সকলে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ মৃতদেহবোৰৰ ওপৰেৰে দৌৰি আছে। দুৰ্ঘটনাটোত স্থানীয় প্ৰশাসনৰ ফালে আঙুলি তোলা হৈছে।

সাহায্য বিতৰণ ব্যৱস্থাত ভিৰ নিয়ন্ত্ৰণ কৰাৰ কোনো উপযুক্ত ব্যৱস্থা কিয় নাছিল বুলিও প্ৰশ্ন উত্থাপিত হৈছে ।অৱশ্যে, য়েমেনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই দাবী কৰে যে স্থানীয় প্ৰশাসনক অৱগত নকৰাকৈ এই সাহায্য চলি আছিল।

Exit mobile version