Firing In Delhi Court Campus:আদালতৰ চৌহদত অঘটন !

উকীলৰ পোছাক পৰিহিত দুৰ্বৃত্তই গুলীয়ালে মহিলাক,সংকটজনক অৱস্থাত ভৰ্তি এইমছত

WhatsApp Image 2023 04 21 at 3.05.04 PM

Firing In Delhi Court Campus:

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা দিল্লীৰ আদালতত দুৰ্বৃত্তই গুলীয়ালে মহিলাক ৷ এই চাঞ্চল্যকৰ ঘটনা আজি পুৱাতে সংঘটিত হয় দিল্লীৰ সাকেট আদালতত ৷

উকীলৰ পোছাক পৰিহিত দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলীয়াই আহত কৰে মহিলা গৰাকীক ৷ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ আহত মহিলা গৰাকীৰ পেট আৰু শৰীৰ ভিন্নস্থানত গুলী লাগে ৷

প্ৰাপ্ত খবৰ অনুসৰি পতি-পত্নীৰ মাজত চলি থকা গোচৰ এটাৰ বাবে মহিলা গৰাকী আদালতত দিবলৈ আহিছিল সাক্ষ্য ৷
ইতিমধ্যেbআদালত চৌহদত কৰ্তব্যৰত আৰক্ষীয়ে ততাতৈয়াকৈ আহত মহিলা গৰাকীক এইমছত ভৰ্তি কৰে৷ সম্প্ৰতি সংকটজন অৱস্থাত আছে মহিলা গৰাকী ৷
আনহাতে গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, আদালত চৌহদলৈ যাবলৈ হ’লে আৰক্ষীৰ কটকটীয়া তালাচীৰ মাজেৰে গেইট পাৰ হবলগীয়া হয় যদিও গুলীচালনা কৰা আততায়ীজন ৰিভলভাৰ লৈ কেনেদৰে গেইট পাৰ হৈ আহিল ইয়াকে লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

স্মতৰ্ৱ্য যে,মহিলা গৰাকীক গুলীয়াই পলায়ন কৰে আততায়ী ৷

Exit mobile version