Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

covid19 on economy

Covid Update :

শুক্ৰবাৰে, দেশৰ আঠখন ৰাজ্যক সতৰ্ক কৰিলে কেন্দ্ৰই । লগতে ক’ৰনা সতৰ্কতা বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।যাৰ বাবে সামান্য হ’লেও সুফল পাইছে দেশৰ ক’ভিড পৰিসংখ্যাত। দেওবাৰে সামান্য হ’লেও হ্ৰাস পালে দেশৰ দৈনিক ক’ভিড সংক্ৰমণৰ ।

অৱশ্যে, বৰ্তমানো মৃত্যুৰ সংখ্যা আৰু পজিটিভ হাৰসম্পৰ্কে উদ্বেগ আছে।স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, দেশত যোৱা ২৪ ঘণ্টাত ১০,১১২ জন লোক ক’ৰনা (Corona Virus)ত আক্ৰান্ত হৈছে।

শনিবাৰে সেই সংখ্যা আছিল প্ৰায় ১২,৫০০। দৈনিক আক্ৰান্ত এদিনতে প্ৰায় এহেজাৰ হ্ৰাস পাইছে। যোৱা পাঁচ দিনত, দেশখনত দৈনিক ১০,০০০ৰো অধিক আক্ৰান্ত হৈছে।

অৰ্থাৎ, পাঁচ দিনত ৫৯,০০০ৰো অধিক লোক এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে।উদ্বেগজনক বিষয়টো হ’ল যে দেশৰ দৈনিক আৰু সাপ্তাহিক পজিটিভ হাৰ হুৰ হুৰাই বৃদ্ধি পাইছে।

দৈনিক পজিটিভ হাৰ বৃদ্ধি হৈ প্ৰায় ৭.০৩ শতাংশ হৈছে আৰু সাপ্তাহিক পজিটিভ হাৰ ৫.৪৩ শতাংশলৈ বৃদ্ধি পাইছে।পজিটিভ হাৰৰ স’তে বৃদ্ধি পাইছে সক্ৰিয় ঘটনাৰ সংখ্যাও । বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৭,৮০৬ জন। যোৱা ২৪ ঘণ্টাত, ২৯ জন লোক মৃত্যু হৈছে।

উল্লেখযোগ্য যে ক’ভিডৰ বিষয়ে পুনৰ সতৰ্ক হৈছে কেন্দ্ৰ । শুক্ৰবাৰে মুঠ আঠখন ৰাজ্যক সতৰ্ক কৰা হয়। সেই তালিকাখনত আছে উত্তৰ প্ৰদেশ, তামিলনাডু, ৰাজস্থান, মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, হাৰিয়ানা আৰু দিল্লী । সকলো ৰাজ্যক ক’ভিডৰ বিষয়ে অধিক সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

Exit mobile version