Tirupati Temple : জানেনে পৃথিৱীৰ আটাইটকৈ ধনাঢ্য মন্দিৰ কোনটো?

Tirumalatemple

Tirupati Temple :

দেশৰ আটাইতকৈ ধনাঢ্য মন্দিৰ কোনটো আপুনি জানেনে ? দেশৰ সকলোতকৈ ধনাঢ্য অৰ্থাৎ ধনী মন্দিৰটো হৈছে অন্ধ্ৰ প্ৰদেশৰ(Andhra Pradesh) তিৰুপতি চহৰৰ তিৰুমালা মন্দিৰ।

ইয়াক তিৰুপতি মন্দিৰ নামে অধিক পৰিচিত (Tirupati temple)। লাখ লাখ ভক্তৰ দানেৰে প্ৰতিদিনে মন্দিৰৰ পুঁজি প্লাৱিত হয়।

দানৰ পৰিমাণ শুনি চকু কপালত উঠিব আপোনাৰ । যদিওঁ ভগৱান ভেংকটেশ্বৰৰ মন্দিৰত আচৰিত কৰি তোলা কাণ্ড সংঘটিত হৈছে ২২এপ্ৰিল অৰ্থাৎ শনিবাৰে ।

বিগত এবছৰৰ ভিতৰত সৰ্বনিম্ন দানৰ সংখ্যা আছিল শনিবাৰে । যাৰ পৰিমাণ আছিল ২.৮৫ কোটি। হঠাত মন্দিৰত দানৰ পৰিমাণ কিয় হ্ৰাস পাইছে?

তিৰুপতি মন্দিৰত ভক্তৰ দানক ‘হুণ্ডি’ বুলি কোৱা হয়। যোৱা বছৰৰ নৱেম্বৰত তিৰুমালা তিৰুপতি দেৱস্থানম ট্ৰাষ্টে ঘোষণা কৰিছিল যে মন্দিৰটোত ১০ টনতকৈ অধিক সোণ আৰু নগদ ১৫ হেজাৰ ৯৩৮ কোটি টকা সম্পত্তি আছে ভাৰতত এই বিখ্যাত মন্দিৰত।

এদিনত গড় দানৰ হাৰ হৈছে চাৰি/ছয় কোটি টকা। চলিত বৰ্ষৰ দুই জানুৱাৰীত সকলো পুৰণি অভিলেখ ভংগ কৰি এদিনত আয় হৈছিল সাত কোটি ছয় লাখ টকা।

এইবাৰ মন্দিৰটোৱে প্ৰত্যক্ষ কৰিলে বিপৰীত অভিলেখ। যোৱা কিছু দিনৰ, ‘হুণ্ডি’ বা দানৰ পৰিমাণ হ্ৰাস পাইছে। শনিবাৰে ই ২.৮৫ কোটিলৈ হ্ৰাস পাই ।

তথ্য অনুসৰি ইয়াৰ কাৰণ হৈছে গ্ৰীষ্মকাল। অন্ধ্ৰ প্ৰদেশ , তেলেংগানাসহ দক্ষিণৰ ৰাজ্যসমূহত তীব্ৰ তাপ প্ৰবাহৰ পৰিস্থিতি দেখা গৈছে।

এই পৰিস্থিতিত, তীৰ্থস্থানত ভিৰও হ্ৰাস পাইছে। ফলস্বৰূপে, শনিবাৰে মন্দিৰটোত ‘কেৱল’ দুই কোটি ৮৫ লাখ দান লাভ কৰিছে ।

যিটো গোটেই এবছৰত আটাইতকৈ কম। অৱশ্যে, মন্দিৰৰ ন্যাসে দাবী কৰে যে এপ্ৰিলৰ শেষৰ পৰা ভক্তৰ সংখ্যা পুনৰ বৃদ্ধি পাব। দানৰ পৰিমাণো সমানে বৃদ্ধি পাব।

প্ৰসংগত তিৰুপতি মন্দিৰ দেশৰ অন্যতম ধনী মন্দিৰ। ভক্তসকলৰ এই মন্দিৰত পূজা কৰা দেৱতাৰ ওপৰত অপৰিসীম বিশ্বাস আছে।

বালাজীৰ কাষত ভক্তি মনে বিচাৰিলে সকলো আকাংক্ষা পূৰণ হোৱাৰ লগে লগে ভক্তসকলে ঈশ্বৰৰ মূৰ্তিত সোণকে ধৰি বিভিন্ন মূল্যৱান ধাতু, ধন আদি দান কৰে ।কেৱল ধনৰত্নই নহয়, ভক্তসকলে আৰাধ্য দেৱতাক চুলিও দান কৰে।

Exit mobile version