CM Pema Khandu : ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত হ’ল অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ

কান্ধত ঢোল লৈ নাচনীক নচোৱালে মুখ্যমন্ত্রী পেমা খান্দুয়ে

f9faf3cf 0962 40bd b44b 2edd5a311472

CM Pema Khandu :

মঙলবাৰে নিশা ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত হৈ পৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ৷

মুখ্যমন্ত্ৰী পেমা খান্দুৰ আমন্ত্ৰণ ক্ৰমে ৰাজধানী ইটানগৰ ৰঙালী বিহু সন্মিলনৰ ৬০ জনীয়া ভিন্ন বয়সৰ বিহুৱা দলে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় এঘন্টাজোৰা বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে

মুখ্যমন্ত্ৰী খান্দুৱে নিজেও কণ কণ বিহুৱতীৰ স’তে বিহু নাচি আনন্দ উছাহত মতলীয়া হৈ পৰে ৷ আনকি মুখ্যমন্ত্ৰী গৰাকীয়ে কান্ধত ঢোল তুলি চাব মাৰে ঢোলত ৷

ইয়াৰ পূবে মুখ্যমন্ত্ৰী খান্দক ইটানগৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি পৰমা চুতীয়াই এখন ফুলাম গামোচাৰে বিহুৱান যাছে ৷ আনহাতে ইটানগৰত থকা অসমীয়া মহিলা সকলে প্ৰস্তুত কৰা পিঠাপনাৰ এটি টোপোলা মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে মহিলা সকলে ৷

ইটানগৰত বসবাস কৰা অসমীয়া লোক সকলৰ পৰম্পৰাগত বিহু উৎসৱত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে যথেষ্ট আনন্দ অনুভৱ কৰিছে বুলি উল্লেখ কৰি কয়,গৰুবিহু দিনাই অসমৰ বিহু নৃত্য আৰু ঢোল বাদনে দুটাকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা বাবে তেওঁ নিজেই উৎফুল্লিত বুলি মন্তব্য কৰে ৷

একেদৰে বহাগ বিহুৰ আনন্দ উছাহৰ মাজতে দুই চুবুৰীয়া ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ চুক্তি সম্পাদন হোৱাৰ বিষয়টোৱে সকলোৰে বাবে আনন্দৰ বতৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী খান্দুৱে ৷

Exit mobile version