Mangaldoi Thief : মঙলদৈত আজৱ ঘটনা

চোৰে মালিকলৈ চিঠি লিখি লৈ গ'ল ব্রীজা গাড়ী

d1a564a5 7e48 4338 9589 7d44d6267ea8

Mangaldoi Thief :

মঙলদৈত আজৱ ঘটনা। গাড়ী চুৰ কৰি মালিকলৈ ওৱালত লিখি থৈ গ’ল চিঠি ।তিনি দিন পাছত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি চুৰি কৰি লৈ গ’ল ব্রীজা বাহন । তথ্য অনুসৰি আজি পুঁৱতি নিশা জনাৰাম চৌকাৰ শাকোঘাটৰ আব্দুল আজিজৰ নতুনকৈ ক্ৰয় কৰি অনা এ এচ ০১এফ এল ৭৫৫২ মম্বৰৰ ব্রীজা বাহন খন আজি চোৰে লৈ উধাও হয় ।

নিজ গৃহৰ দৰ্জা ভাঙি চোৰে শুই থকা মালিকৰ কাষৰ পৰা চাবি আনি গাড়ি লৈ উধাও হোৱাৰ সময়তে আব্দুল আজিজে সাৰ পাই কেইগৰাকীমান সহযোগীৰ সহায়ত পিছে পিছে খেদি যায় যদিও চোৰে নিমিষতে গাড়ী লৈ পলাবলৈ সক্ষম হয় ।

চোৰে লগতে ওৱালত লিখি থৈ গ’ল-“গাড়ী তিনি দিন পাছত পাবি ,ক’তো হাহাকাৰ নকৰিবি,পুলিচক ক’লে নোপোৱাই,কাকো নক’বি।একো কাম নকৰো ,,টেনছন নলবি” গাড়ী ঘূৰাই দিম ,কাকো নকবি,।

মঙলদৈত সংঘটিত হোৱা এই আজৱ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। তিনিদিন পাছত ঘূৰাই দিয়াৰ আজৱ প্ৰতিশ্ৰুতিৰে পুলিচৰ ওচৰলৈ যাবলৈ মানা কৰিছিল ।

পুলিচক ক’লে অৰ্থাৎ গোচৰ তৰিলে গাড়ী কেতিয়াও নাপায় বুলি ভুৱা দি চোৰে সুৰক্ষিত লক্ষ্যত উপনীত হোৱাৰ পাং পাতিছিল যদিও তাত ভোল নগৈ এই ঘটনাৰ পাছতে আব্দুল আজিজে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।

সেই এজেহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই গাড়ী চোৰক।চোৰৰ এই আজৱ কাণ্ডত মঙলদৈ তথা দৰং জিলাত জনসাধাৰণৰ মাজত কৌতুহল আৰু ৰহস্যৰ সৃষ্টি হৈছে।

Exit mobile version