Chakka Bondh In Assam:২৪ ঘন্টীয়া চকাবন্ধ ঘোষণা সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ !

mator labour union29 4 23

Chakka Bondh In Assam:

শ্ৰমিক দিৱস উপলক্ষে ৰাজ্যৰ অগ্ৰণী শ্ৰমিক সংগঠন সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে এক মে’ত ৰাজ্যত ২৪ ঘন্টীয়া চকাবন্ধ ঘোষণা কৰে ৷

সেই অনুসৰি এক মে’ৰ বন্ধৰ সময়ছোৱাৰ বাবে বাণিজ্যিক যানবাহন সমূহ বন্ধ ৰাখিবলৈ সংগঠনটোৱে মালিক সকলক বিনম্ৰ আহ্বান জনায় ৷

ইতিমধ্যে মে’দিৱস উপলক্ষে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে তৈয়াৰ কৰিছে দাবী চনদ ৷ দাবী সমূহ হ’ল এম ভি আইন ১৯৮৮ সংশোধন কৰা,শ্রমিক বিৰোধী আইন সমূহ প্ৰত্যাহাৰ কৰা,মটৰ শ্ৰমিকৰ কল্যাণৰ বাবে ইতিপূৰ্বে লোৱা আঁচনিসমূহৰ তাৎক্ষণিক ৰূপায়ণ কৰা আৰু গুৱাহাটীত এটা শ্ৰমিক ভৱন নিৰ্মাণ কৰা ৷

উল্লেখ্য যে,উল্লিখিত দাবী চনদ ৰাজ্য চৰকাৰলৈ এক মে’ত প্ৰেৰণ কৰিব শ্ৰমিক সংগঠনটোৱে ৷

Exit mobile version