GMC Pressmeet :জি এম চিৰ সংবাদমেল

৩০ মে'ৰ ভিতৰত সম্পত্তিৰ কৰ আৰু ব্যৱসায়িক অনুজ্ঞা পত্ৰৰ কৰ, আদায় দিয়াৰ আহ্বান মহানগৰবাসীলৈ, ৩০ মে'ৰ ভিতৰত কৰ পৰিশোধ কৰিলে ৰেহাই পাব ১০শতাংশ

Gmc MEYAR migen SARANIA29 4 23

GMC Pressmeet :

মহানগৰবাসীলৈ গুৱাহাটী পৌৰনিগমৰ বিশেষ আহ্বান ৷ সময়মতে সকলোৱে সম্পত্তিৰ কৰ আৰু ব্যৱসায়িক অনুজ্ঞা পত্ৰৰ কৰ দিয়াৰ আহ্বান জনালে জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াই ৷

আজি এক সংবাদমেলত মেয়ৰ গৰাকীয়ে কয় যে,মহানগৰীৰ বাসিন্দা সকলৰ বহুতেই সম্পত্তিৰ কৰ সমূহ সময়মতে দিয়া নাই ৷ যাৰবাবে শেহতীয়াকৈ নিগমে লৈছে এক অভিলাষী পদক্ষেপ ৷ ৩০ মে’ৰ ভিতৰত কৰ পৰিশোধ কৰিলে ৰেহাই পাব ১০ শতাংশ ৷

আনহাতে এই আচঁনি প্ৰযোজ্য হ’ব ব্যৱসায়িক অনুজ্ঞা পত্ৰৰ ক্ষেত্ৰটো ৷ মেয়ৰ গৰাকীয়ে জি এম চিয়ে ইতিমধ্যে সংগ্ৰহ কৰা কৰৰ এক ক্ষতিয়ান দাঙি ধৰি কয়,২০২১-২২ বিত্তীয় বৰ্ষত কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত সংগ্ৰহ হয় ১১০ কোটি টকা ৷

ইপিনে ব্যৱসায়িক অনুজ্ঞা পত্ৰৰ গোটেই ব্যৱস্থাটো অনলাইন কৰিছে জি এম চিয়ে ৷ সেই অনুসৰি ২০২১-২২ ৰ বিত্তীয়বৰ্ষত ৪৮,৩৫৪ খন প্ৰতিষ্ঠানক দিয়া হৈছে ট্ৰেড লাইচেঞ্চ ৷

২০২২-২৩ ত এই সংখ্যা বৃদ্ধি পাই ৭০,১২৭ খনলৈ ৷ বিগত বৰ্ষৰ তুলনাত প্ৰায় ২১ হেজাৰলৈ বৃদ্ধি পাই বুলি উল্লেখ কৰে মেয়ৰ শৰণীয়াই ৷

Exit mobile version